Advertisment

কোকৰাঝাৰত পথ দুৰ্ঘটনাঃ বিয়াৰ এমাহ নহওঁতেই মৃত্যু শুভমৰ...

কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ অভাৰব্ৰীজত কালি নিশা সংঘটিত হোৱা এক ভয়ংকৰ মটৰচাইকেল দূৰ্ঘটনাত অভি ৰয় নামৰ এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে আৰোহী শুভম ৰয় নামৰ আন এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় । 

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত নববিবাহিত যুুৱকৰ মৃত্যু

কোকৰাঝাৰত নববিবাহিত যুুৱকৰ মৃত্যু Photograph: (কোকৰাঝাৰত নববিবাহিত যুুৱকৰ মৃত্যু)

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ অভাৰব্ৰীজত কালি নিশা সংঘটিত হোৱা এক ভয়ংকৰ মটৰচাইকেল দূৰ্ঘটনাত অভি ৰয় নামৰ এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে আৰোহী শুভম ৰয় নামৰ আন এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় । 

Advertisment

মাত্ৰ ২৩ দিন পূৰ্বে অৰ্থাৎ যোৱা ১০ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা অভি ৰায়ৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে। নিহত যুৱকজন কোকৰাঝাৰ চহৰৰ শান্তিনগৰ বিবেকানন্দ ৰোড নিৱাসী আছিল বুলি জানিব পৰা গৈছে ৷ আনহাতে দুৰ্ঘটনাটোত আহত হোৱা সুভম ৰয় বৰ্তমান বঙাইগাঁও লৱাৰ আসাম হস্পিতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত বাতৰি মতে যোৱানিশা অভি ৰয় নামৰ যুৱকজনে নিজৰ এ এছ ১৬ এফ ৫৭৪২ নম্বৰৰ মটৰচাইকেলেৰে কোকৰাঝাৰ চহৰৰ অভাৰ ব্ৰীজৰে তীব্ৰবেগেৰে আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাত যুৱকজন থিতাতে নিহত হোৱাৰ নগতে আৰোহী সুভম ৰয় গুৰুতৰভাৱে আহত হয় । উল্লেখ্য যে যোৱা ১০ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা অভি ৰয়ৰ মৃত্যুত কোকৰাঝাৰত শোকৰ ছাঁ পৰিছে ৷

কোকৰাঝাৰ