কোকৰাঝাৰত চিলনী চোৰে লুটি নিলে ২ লাখ টকা...

ঠিকাদাৰ বাৰান্দা বসুমতাৰীয়ে সদৰি কৰা মতে তেওঁ কোকৰাঝাৰ এচবিআইৰ কোৰ্টপাৰা শাখাত থকা নিজ একাউণ্টৰ পৰা আজি ২ লাখ টকা উলিয়াইছিল। টকাৰ বেগটো নিজ বলেৰো গাড়ীত থৈ তেওঁ এখন কাগজ ফটোষ্টেট কৰিব গৈছিল।

author-image
Asomiya Pratidin
New Update
1 kokrajhar

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ   কোকৰাঝাৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চিলনী চোৰৰ উপদ্ৰৱ। বিগত দিন সমূহত কোকৰাঝাৰত চিলনী চোৰে কেবাটাও ঘটনা সংঘটিত কৰাৰ পিছত আজি চিলনী চোৰে পুণৰাই বাৰান্দা বসুমতাৰী নামৰ এগৰাকী ঠিকাদাৰৰ গাড়ীৰ পৰা গ্লাছ ভাঙি ২ লাখ টকা লুটি নিয়ে। উক্ত ঘটনাই চহৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

এই সন্দৰ্ভত ঠিকাদাৰ বাৰান্দা বসুমতাৰীয়ে সদৰি কৰা মতে তেওঁ কোকৰাঝাৰ এচবিআইৰ কোৰ্টপাৰা শাখাত থকা নিজ একাউণ্টৰ পৰা আজি ২ লাখ টকা উলিয়াইছিল। টকাৰ বেগটো নিজ বলেৰো গাড়ীত থৈ তেওঁ এখন কাগজ ফটোষ্টেট কৰিব গৈছিল।

 সেই সময়ত তেওঁৰ বলেৰ' গাড়ীখন এচবিআই বেংকৰ সন্মুখত থকা ৰাস্তাত পাৰ্কিং কৰা আছিল। ব্যস্ত পথৰ ওপৰত থকা বলেৰ' গাড়ীৰ গ্লাচ ভাঙি ২ লাখ টকা লুটি নিয়াত আশ্চৰ্য প্ৰকাশ কৰিছে ঠিকাদাৰ বাৰান্দা বসুমতাৰীয়ে।

ঘটনা সন্দৰ্ভত কোকৰাঝাৰ কোকৰাঝাৰ থানাত ভুক্তোভোগীয়ে গোচৰ ৰজু কৰিছে। উল্লেখ্য যে, কোকৰাঝাৰত চিলনী চোৰৰ উৎপাত বঢ়াৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীক এইক্ষেত্ৰত কঠোৰ ভূমিকা গ্ৰহণ কৰাৰ দাবী জনাইছে সচেতন নাগৰিকে । 

কোকৰাঝাৰ