/asomiyapratidin/media/media_files/2025/04/13/dDCezGKMcGnUKBqBr4Af.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰৰ নিকটৱৰ্তী হৰিণাগুৰীৰ বাওঁখুংগ্ৰী পাহাৰৰ দাঁতিত যোৱা ১২ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ১২ সংখ্যক বাওঁখুংগ্ৰী মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ বাওঁখুংগ্ৰী মহোৎসৱৰ আজি দ্বিতীয় দিনা উখল মাখল হৈ পৰে হৰিণাগুৰৰীৰ মহোৎসৱথলী ৷
আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পাহাৰ বগোৱা প্ৰতিযোগিতাৰে বাওঁখুংগ্ৰী মহোৎসৱৰ শুভাৰম্ভ কৰা হয় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও মেঘালয়,চিকিম,পশ্চিমবংগ আদি বহিঃ ৰাজ্যৰ শতাধিক প্ৰতিযোগীয়ে পাহাৰ বগোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।
উক্ত পাহাৰ বগোৱা প্ৰতিযোগিতাৰ পুৰুষ শাখাৰ ফ্লেগঅফ কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ মুৰব্বী বিষয়া জয়ন্ত শৰ্মাই আৰু মহিলা শাখাৰ ফ্লেগঅপ কৰে বিশিষ্ট ক্ৰীড়াবিদ কুঞ্জলতা বড়োৱে ৷ ইয়াৰ পিছতে জনগোষ্ঠীয় ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
জনগোষ্ঠীও ৰন্ধন প্ৰতিযোগিতাৰ শুভাৰাম্ভ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য সাইখং বসুমতাৰীয়ে। আনহাতে দুপৰীয়াৰ ভাগত অনুষ্ঠিত হোৱা বিভিন্ন জাতি- জনগোষ্টীৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।
সাংস্কৃতিক অনুষ্ঠানত বড়ো, কোচ ৰাজবংশী, ৰাভা, গাৰো , বেংগলী আদি জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক গোষ্ঠীৰ দলে অংশগ্ৰহণ কৰে ৷ ইপিনে সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বাওঁখুংগ্ৰী মহোৎসৱ বিভিন্ন জাতি-জনগোষ্ঠীৰ এক সমন্বয়ৰ ক্ষেত্ৰ বুলি অভিহিত কৰিছে।
বাওঁখুংগ্ৰী মহোৎসৱে পৰ্যটনৰ মানচিত্ৰত স্থান দখল কৰিছে বুলি মন্তব্য কৰি উৰ্খাও গৌৰা ব্ৰহ্মই লোকবিশ্বাস অনুসৰি পাহাৰ বগাই পূজা কৰিলে মনোবাঞ্চা পূৰ্ণ হয় বুলি মন্তব্য কৰে । উল্লেখ্য যে চ'তৰ সংক্ৰান্তিৰ দিনা বাওখুংগ্ৰী পাহাৰ বগাই ভগৱানৰ আশীষ লৈ বছৰটোলৈ সুস্বাস্থ্যৰ গৰাকী হোৱাৰ লগতে মনোকামনা পুৰ্ণ হোৱাৰ পৰম্পৰা বড়ো সমাজত পূৰ্বৰে পৰা চলি আহিছে।
সেই প্ৰাচীন পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ দৰে এইবেলিও বাওখুংগ্ৰী মহোৎসৱ বিটিচি চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে । আনহাতে তিনিদিনীয়া বাৰে বৰণীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বাওখুংগ্ৰী উৎসৱৰ সতে সংগতি ৰাখি পৰম্পৰাগত খেল যেনে খোমলাইনায়, ঘিলাযুঁজৰ লগতে হাফ মাৰাথন ৰেচ , চাইক্লিং আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
তাৰোপৰি বড়ো জনগোষ্ঠীও বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে বিভিন্ন বিপনী উৎসৱ থলীত গঢ়ি তোলাৰ লগতে মহোৎসৱ থলীত জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷