/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ac9d9261-09af-4116-ae7a-1fbe86fe8cfa/btr_pramod_da.jpg)
প্ৰমোদ বড়োৰে আলোচনা
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যা সন্দৰ্ভত কোচ ৰাজবংশী জাতীয় পৰিষদ আৰু কোচ ৰাজবংশী সাহিত্য পৰিষদৰ ১৭ জনীয়া এটি সঁজাতি দলে শুকুৰবাৰে বি টি চিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়ো আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ সতে কোকৰাঝাৰ বড়োলেণ্ড অতিথিশালাত এক বৈঠকত মিলিত হয় ।
বৈঠকৰ অন্তত এক বিবৃতিত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু কোচ ৰাজবংশী সাহিত্য পৰিষদৰ সভাপতি অমৃত ভূষণ ফৌজদাৰে আলোচনা সৌহাদ্যপূৰ্ণ আৰু আশাব্যঞ্জক আছিল বুলি বিবৃতিত প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4ccc4808-c94f-426e-b766-0b9b27e8cb4a/btr_pramod_da1.jpg)
কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ সপক্ষে অসম আৰু ভাৰত চৰকাৰক হেঁচা দিবলৈ প্ৰমোদ বড়োক আহ্বান জনায় । তদুপৰি বি টি আৰ অঞ্চলত বসবাস কৰা কোচ ৰাজবংশীৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা লগতে মাটিৰ পট্টা প্ৰদান কৰিবলৈ আহ্বান জনায় আৰু এইক্ষেত্ৰত প্ৰমোদ বড়োই ধনাত্মক প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি বিবৃতিত উল্লেখ কৰে পৰিষদৰ নেতৃবৰ্গই।
আনহাতে মহাৰাজ বিজিত নাৰায়ণৰ নামাকৰণৰে বিজনী চহৰত মহাৰাজ নৰনাৰায়ণৰ নামেৰে এটা গৱেষণা, অধ্যয়ন আৰু কৃষ্টি বিকাশ কেন্দ্ৰ আৰু চিদলী ৰাজ্যৰ শেষ ৰাণী মজ্ঞুলা দেৱীৰ নামত কোকৰাঝাৰৰ বালাগাঁৱৰ তিনিআলিত কলাক্ষেত্ৰ স্থাপনৰ দাবী উত্থাপন কৰে সঁজাতি দলটোৱে ।
আৰু পঢ়কঃ বিলাসীপাৰাত আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ খুলি পলায়ন ড্ৰাগছ সৰবৰাহকাৰীৰ...