/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/61e84a87-4d27-4c0e-9ce0-a53dd6dc2c3c/lekhika.jpg)
গ্ৰন্থ উন্মোচনী সভা
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বড়ো মহিলা লেখিকা সন্থাৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা । উন্মোচনী সভাত লেখিকা সন্থাৰ উদ্যোগত ১১ খনকৈ বড়ো ভাষাৰ গ্ৰন্থ উন্মোচন কৰে।
বড়ো মহিলা লেখিকা সন্থাৰ সভানেত্ৰী অঞ্জু বসুমতাৰীয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১১ খনকৈ বড়ো ভাষাৰ বিভিন্ন গ্ৰন্থ উন্মোচন কৰাৰ লগতে বড়ো মহিলা লেখিকা সন্থাৰ পষেকীয়া পত্ৰিকা "গাম্বাৰী" উক্ত অনুষ্ঠানতে উন্মোচন কৰে।
উল্লেখ্য যে, গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে ২০২১ বৰ্ষত সাহিত্য অকাডেমি ( অনুবাদ ) বঁটা প্ৰাপক ইন্দিৰা বড়ো আৰু পৱন বৰগয়াৰী সাহিত্য বঁটা প্ৰাপক উত্তৰা বসুমতাৰীক সন্থাৰ তৰফৰ আৰ’নাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিল বড়ো আৰু বিশিষ্ট অতিথি হিচাপে শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত কৌশলা ব্ৰহ্ম ।
অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিল বড়োৱে আজিৰ দিনটো অতিকে আনন্দ আৰু গৌৰৱৰ দিন বুলি অভিহিত কৰে । আজিৰ অনুষ্ঠানত উন্মোচন কৰা ১১খন গ্ৰন্থ বি টি চি চৰকাৰৰ আৰ্থিক অনুদানেৰে প্ৰকাশ কৰা বুলি সদৰি কৰে বড়োৱে ।
আনহাতে বড়ো লেখিকা সন্থাৰ সভানেত্ৰী অঞ্জু বসুমতাৰীয়ে ২০১৮ চনৰ ২২ মাৰ্চত বড়ো লেখিকা সন্থাৰ জন্ম হোৱা বুলি সদৰি কৰি উন্মোচিত কৰা ১১ খন কিতাপৰ ভিতৰত কবিতাপুথি , ২১ গৰাকী মহিয়সী বড়ো মহিলাৰ আত্মজীৱনী , ছেমিনাৰ পেপাৰ আৰু গল্প পুথি আছে বুলি উল্লেখ কৰে ।