
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ পাটগাঁও উপ আৰক্ষী চকীৰ অন্তৰ্গত ঝাৰবাৰীৰ গভীৰ বনাঞ্চলৰ পৰা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। উদ্ধাৰ কৰা মৃতদেহটো এগৰাকী ৬০ বছৰীয়া বৃদ্ধৰ বুলি জানিব পৰা গৈছে ৷
পাটগাঁও উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গিয়াছুদ্দিন আহমেদে সদৰি কৰা মতে, বৃদ্ধ গৰাকীৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত কোকৰাঝাৰ মৰ্গত ৭২ ঘণ্টাৰ বাবে মৃতদেহটো ৰখা হ'ব বুলি সদৰি কৰে আৰক্ষী বিষয়াগৰাকীয়ে।