জাতিগত প্ৰমানপত্ৰ জালিয়াতি গোচৰঃ প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ নৱ শৰণীয়াৰ

জাতিগত প্ৰমানপত্ৰ জালিয়াতি গোচৰঃ প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ নৱ শৰণীয়াৰ
জাতিগত প্ৰমানপত্ৰ জালিয়াতি গোচৰঃ প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ নৱ শৰণীয়াৰ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰীৱে দাখিল কৰা ডব্লিউ পি(চি) ৭৫০৮/ ২০২২ নম্বৰৰ লেখ আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কোকৰাঝাৰ ৫ নং লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমানপত্ৰ পৰীক্ষা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিক নিৰ্দেশ প্ৰদান কৰাৰ পিছত আজি কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰে সাংসদগৰাকীয়ে।

কোকৰাঝাৰ প্ৰেছ ক্লাবত আয়োজিত হোৱা এই সংবাদমেলত সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে, জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰীৱে অভিযোগ কৰাৰ দৰে অসমত কোনো সৰু কোচ বুলি জাতি নাই । তেওঁৰ বিৰুদ্ধে এয়া পঞ্চম গোচৰ আৰু এইবোৰ হাৰাশাস্তিৰ বিৰুদ্ধে আন একো নহয় ।

ইতিমধ্যে ২০১৪ চনতে তেওঁৰ জনজাতিৰ প্ৰমানপত্ৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল আৰু উক্ত গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ সপক্ষে ৰায়দান কৰিছিল আৰু গুচৰীয়া পক্ষৰ আবেদন খাৰিজ কৰিছিল বুলি মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ।

তেওঁ এইবুলিও কয় যে, জনজাতি সুৰক্ষা মঞ্চই এইবোৰ কাম কৰি তেওঁক ৰাইজৰ আগত হেয় প্ৰতিপন্ন কৰিব পাৰিব, বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰিব। তেওঁ কয় ইয়াৰ জৰিয়তে ৰাজনৈতিক কাৰণত তেওঁক বেয়া পোৱা বড়ো সমাজৰ মাজত আৱেগৰ সৃষ্টি কৰিব পাৰিব, কিন্তু তাৰ বাহিৰে আন একো নহয় বুলি মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই।

অসম চৰকাৰ, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘ আদি জনজাতীয় দল -সংগঠনৰ সহমতত শৰণীয়া কছাৰী, মদাহী কছাৰী, ঠেঙাল কছাৰীক সুকীয়াকৈ চেণ্ট্ৰেল লিষ্টেট কৰাৰ বাবে পঠোৱা হৈছে আৰু বাজেট অধিবেশনত আলোচিত হ'ব বুলি মন্তব্য কৰিছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নৱ কুমাৰ শৰণীয়াই কয় যে, সমষ্টি নিৰ্ধাৰণ হোৱাটো খাটাং আৰু ভৱিষ্যতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ মানচিত্ৰ সলনি হ'ব । লোকসভা সমষ্টি দুটা হ'ব পাৰে আৰু বিধানসভা সমষ্টি বি টি আৰ এলেকাত ১৪ টা হ'ব পাৰে বুলি উল্লেখ কৰি ইয়াৰে ৮ টা সংৰক্ষিত আৰু ৬ টা অসংৰক্ষিত হ'ব পাৰে বুলি উল্লেখ কৰে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে গাঁও কৰ্তন নহলে ভৱিষ্যতে গাঁও কৰ্তন বা অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত কঠিনতাৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰি জনজাতি নথকা গাঁৱসমূহ কৰ্তনৰ সপক্ষে মন্তব্য প্ৰকাশ কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই ।

ক্লিক কৰি পঢ়কঃ সন্তোষ ট্ৰফীৰ বাবে অসম দল ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in