/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kokrajhar.jpg)
প্ৰতিদিন ডিজিটেল সংবাদ, কোকৰাঝাৰ : সদৌ বি.টি.আৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ উদ্যোগত বুধবাৰে কোকৰাঝাৰৰ অসম সাহিত্য সভা ভৱনত বিদ্যালয় প্ৰাদেশীকৰণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত আক্ৰাছু , নাথ যোগী ছাত্ৰ সন্থা, এবিএমছু , আমছু , আগছু, বেংগলী ফেডাৰেচনকে ধৰি আন কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
উক্ত সাধাৰণ সভাৰ অন্তত সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক ৰতন চন্দ্ৰ ৰায়ে অসম চৰকাৰৰ শৰৎকালিন অধিবেশনৰ পূৰ্বে বিটিটিৰ চুক্তিৰ ৬.৩ দফা কাৰ্যকাৰীকৰণৰ বাবে মডেলিটি প্ৰস্তুত কৰাৰ আহ্বান জনায়। লগতে বিটিআৰৰ সকলো অপ্ৰাদেশীকৃত বিদ্যালয় বিনাচৰ্তে প্ৰাদেশীকৰণৰ কৰিবলৈ দাবী উত্থাপন কৰে । ইয়াৰোপৰি ভৱিষ্যতে আৰু কোনো বিদ্যালয় প্ৰাদেশীকৰণ কৰা নহ'ব বুলি অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লোৱাক পুণৰ বিবেচনা কৰা আৰু তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিত বিষয়টো ইংৰাজী মাধ্যমত শিক্ষাদানৰ বিৰোধিতা কৰি উক্ত সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় ।
প্ৰমোদ বড়োই বিটিআৰ চুক্তি ৰূপায়নৰ ক্ষেত্ৰত লেহমীয়া প্ৰক্ৰিয়া গ্ৰহণ কৰা বুলি অভিযোগ কৰি বিদ্যালয় প্ৰাদেশীকৰণ নকৰিলে তেওঁলোকৰ জীয়াই থকা অসুবিধা হব বুলি মন্তব্য কৰে । ইপিনে উক্ত সভাত উপস্থিত থকা এবিএমছুৰ নেতা মইনুদ্দিন আলিয়ে কয় শিক্ষকসকলৰ দুৰ্দশা কোনো এখন চৰকাৰে নুশুনিলে । অতি শীঘ্ৰে বিটিআৰত থকা অপ্ৰাদেশীকৃত বিদ্যালয়সমুহ প্ৰাদেশীকৰণৰ দাবী জনাই ইয়াৰ অন্যথা শৰৎকালিন অধিবেশনৰ সময়ছোৱাত গুৱাহাটীত আমৰণ অনশন কৰা হ'ব বুলি সদৰি কৰে ।
আনহাতে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰিবন্দ নাথে কয় যে মুখ্যমন্ত্ৰী , শিক্ষামন্ত্ৰী হঠাতে কিবা সিদ্ধান্ত ল'ব আৰু সেয়া বিটিআৰৰ জনসাধাৰণে মানি ল'ব সেয়া কেতিয়াও হ'ব নোৱাৰে । অপ্ৰাদেশীকৃত বিদ্যালয়সমুহ অতিশীঘ্ৰে প্ৰাদেশীকৰণৰ দাবী জনাইছে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰিবন্দ নাথে । বুধবাৰৰ সভাত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনাধৰ ৰায়, এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলী, আমছুৰ নেতা আনোৱাৰ হুছেইন, আগছু আৰু সদৌ অসম বেংগলী ফেডাৰচনকে ধৰি বিটিআৰ এলেকাৰ আন কেবাটাও জাতীয় সংগঠনৰ সদস্য উপস্থিত থাকে ৷
আৰু পঢ়ক : বকোত দক্ষিণ কামৰূপ বিজেপি যুৱ মৰ্চাৰ ত্ৰিৰংগা যাত্ৰা…