কাৰাগাৰ চৌহদতে চৰম সিদ্ধান্ত ল'লে ৪৭ বছৰীয়া হাজোতীয়ে...

৩০ এপ্ৰিলত মাটি-বাৰী সংক্ৰান্তীয় ঘৰুৱা কাজিয়াত নকুল মণ্ডলে তেওঁৰ কনিষ্ঠ ভাতৃ সহদেৱ মণ্ডলক দাৰে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰিছিল। উক্ত অপৰাধৰ বাবে বাসুগাঁও থানাৰ আৰক্ষীয়ে নকুল মণ্ডলক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ জেললৈ প্ৰেৰণ কৰিছিল। 

author-image
Asomiya Pratidin
New Update
ৱৱৱৱৱন

ডিজিটেল সংবাদ,কোকৰাঝাৰ: বিতৰ্কই লগ নেৰা হৈছে কোকৰাঝাৰ জিলা কাৰাগাৰক। কিছুদিন পূৰ্বে জে'লৰ পৰা কয়দী পলায়নৰ পিছত এইবাৰ কোকৰাঝাৰ জিলা কাৰাগাৰত চিপজৰী লৈ চৰম সিদ্ধান্ত বাছি লয় এগৰাকী হাজোতীয়ে। চিপ লৈ আত্মহত্যা কৰা হাজোতী গৰাকীক চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত পশ্চিম খাটালপাৰা গাঁৱৰ নকুল মণ্ডল বুলি চিনাক্ত কৰা হৈছে।

Advertisment

উল্লেখ্য যে, ৩০ এপ্ৰিলত মাটি-বাৰী সংক্ৰান্তীয় ঘৰুৱা কাজিয়াত নকুল মণ্ডলে তেওঁৰ কনিষ্ঠ ভাতৃ সহদেৱ মণ্ডলক দাৰে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰিছিল। উক্ত অপৰাধৰ বাবে বাসুগাঁও থানাৰ আৰক্ষীয়ে নকুল মণ্ডলক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ জেললৈ প্ৰেৰণ কৰিছিল। 

ৰহস্যজনকভাৱে আজি পুৱতি নিশা নকুল মণ্ডলে জেলৰ ভিতৰতে চিপজৰী লয়। আনহাতে নকুল মণ্ডলৰ পৰিয়াল আৰু আত্মীয়ই এয়া এক ৰহস্যজনক মৃত্যু বুলি অভিহিত কৰি ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী উত্থাপন কৰিছে। কোকৰাঝাৰ জেলত এটাৰ পিছত আন এটা সংঘটিত হোৱাত জেলৰ ভিতৰৰ পৰিৱেশক লৈ প্ৰশ্ন উত্থাপিত হৈছে। 

কাৰাগাৰ কোকৰাঝাৰ