ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰৰ দুৰামাৰীত কালি সংঘটিত হোৱা ভয়াৱহ ঘটনাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিছত বৰ্তমানেও জুইকুৰা উমি উমি জ্বলি আছে। উত্তেজিত ৰাইজে কালি দুৰামাৰী অঞ্চলৰ গৰুচোৰৰ ৭টাকৈ বাসগৃহৰ লগতে পশুধনৰ বাবে দমাই থোৱা খেৰৰ দমত জুই লগাই দিয়াৰ পিছত আজিও খেৰৰ দমত উমি উমি জুইকুৰা জ্বলি আছে।
চৌদিশে চেপা উত্তেজনা , পুলিচৰ টহলৰ মাজতে আজি কোকৰাঝাৰ বিধানসভা (জনজাতি সংৰক্ষিত) সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বিধায়ক ইছলাৰীয়ে ঘটনাটোৰ সঠিক তদন্ত কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে।
ইপিনে সংবাদ মাধ্যমৰ আগত বিধায়ক লৰেন্স ইছলাৰীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত কয় যে দুৰামাৰী অঞ্চলৰ দুই এজনৰ বিৰুদ্ধে গৰুচোৰৰ অভিযোগ উত্থাপিত হৈ আহিছিল আৰু কিছুদিন পূৰ্বে বালাজান তিনালী, বৃহত্তৰ চিম্বৰগাঁও, বিছমুৰী আদি এলেকাৰ পৰা গৰু চুৰি হৈছিল।
আৰক্ষীয়ে পূৰ্বতে গৰুচোৰক আটক কৰি জেল হাজোতলৈও প্ৰেৰণ কৰিছিল যদিও মুকলি হৈ আহি পুণৰাই অনৈতিক কামত লিপ্ত হৈছিল। কালি উত্তেজিত ৰাইজে গৰুচোৰৰ বাসগৃহ জ্বলাই দিয়া বুলি সদৰি কৰি সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে বিধায়ক লৰেন্স ইছলাৰীয়ে।
আনহাতে উক্ত ভয়াৱহ ঘটনাৰ পিছতে আজি এবিএমছু , আমছুৰ প্ৰতিনিধি দল এটাই ঘটনাস্থলী পৰিভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লয় আৰু শান্তি -সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনায়। উল্লেখ্য যে কালি উত্তেজিত জনতাই গৰু চোৰৰ অভিযোগত দুৰামাৰী টাবুৰ চৰ গাঁৱৰ আমজাদ আলি স্বেখ ,ছাহজাহান স্বেখ , মইদুল স্বেখ, ছানোৱাৰ আকন্দ, ছুৰমান আলি স্বেখ, আমিনুৰ আলি আৰু হেকাইপাৰা নয়াপাৰা গাঁৱৰ আছাদ আলী আকন্দৰ ঘৰ-দুৱাৰ জ্বলাই দিছিল।
ইয়াৰোপৰি আমজাদ আলি শ্বেখৰ ঘৰৰ কাষতে থকা নুৰ্জিমা বিবিৰ ঘৰৰ পৰাও উত্তেজিত ৰাইজে নতুনকৈ বনোৱা আচবাব পত্ৰও বাহিৰ কৰি ভাঙি চুৰমাৰ কৰিছিল উত্তেজিত ৰাইজে। প্ৰকৃততে ভনীৰ বিয়া উপলক্ষে নুৰ্জিমা বিবিয়ে আচবাবপত্ৰ খিনি সাজু কৰিছিল কিন্তু উত্তেজিত ৰাইজে সেয়া গৰুচোৰ আমজাদ আলি স্বেখৰ বুলি ভাবি বাসগৃহৰ পৰা বাহিৰলৈ ওলাই আনি আচবাবপত্ৰখিনি ভাঙি পেলাইছিল।
আনহাতে পূব দুৰামাৰী গাঁৱৰ গাঁওবুঢ়া আসান আলী শ্বেখ, এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ ছহিদুল ইছলাম, দুৰামাৰী এবিএমছুৰ আঞ্চলিক সভাপতি হুছেইন আলীয়ে কয় যে বিভিন্ন সময়ত গৰুচোৰ কেইটাক অনৈতিক কাম-কাজৰ পৰা বিৰত থাকিবলৈ গাঁওৱাসীয়ে সঁকিয়নি দিয়াৰ পিছতো অনৈতিক কাম-কাজ অব্যাহত ৰখাৰ বাবেই কালি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটি উক্ত ভয়াৱহ কাণ্ড সংঘটিত হয়।
অৱশ্যে ৰাইজে সদৰি কৰা মতে কালি গাঁও সভাত তিনিটা ঘৰহে ভাঙি দিয়াৰ সিদ্ধান্ত হৈছিল যদিও উত্তেজিত ৰাইজে ৭ টাকৈ ঘৰ জ্বলাই দিয়ে । গাঁও সভাত মুল গৰু চোৰ আমজাদ আলি স্বেখ, মহিদুল স্বেখ, ছাহজাহান স্বেখৰ হে ঘৰ ভাঙি দিয়াৰ সিদ্ধান্ত লৈছিল যদিও উত্তেজিত ৰাইজে ৭টাকৈ বাসগৃহ জ্বলাই দিয়াৰ লগতে নুৰ্জিমা বিবিৰ ঘৰৰ থকা আচবাবপত্ৰও বিনষ্ট কৰে।
একাংশ গঞাই আজি পুণৰাই অভিযোগ কৰা মতে উল্লেখিত গৰুচোৰ কেইটাই বিভিন্ন সময়ত গৰু চোৰ কৰি গাঁও আৰু জনগোষ্ঠীটোৰ বদনাম কৰি আহিছে আৰু যাৰ বাবে বাহিৰত মুখ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেওঁলোকক বাধা দিয়াৰ পিছতো কথা নুশুনাত তিনি-চাৰিখন গাঁৱৰ ৰাইজে একত্ৰিত হৈ উমৈহতীয়া সিদ্ধান্ত মৰ্মে তেওঁলোকৰ বাসগৃহ জ্বলাই দিয়া বুলি সদৰি কৰিছে গাঁওবুঢ়া আৰু স্থানীয় ৰাইজ আৰু দল -সংগঠনৰ প্ৰতিনিধিয়ে ৷
ইপিনে আৰক্ষীৰ ভূমিকাক লৈ আজিও প্ৰশ্ন উত্থাপন কৰিছে গঞা ৰাইজে । আজি সংবাদ মাধ্যমৰ আগত ৰাইজে স্পষ্টভাৱে কয় যে, গৰুচোৰ সন্দৰ্ভত আৰক্ষীক কেবাবাৰ অভিযোগ দিয়া হৈছিল যদিও আৰক্ষীয়ে মুখেৰে ক'লেই নহ'ব, প্ৰমাণ দিব লাগিব বুলি মন্তব্য কৰিছিল। তেওঁলোকে নিশা ১ - ২ বজাত গৰুচোৰৰ পিছে পিছে ঘূৰি প্ৰমাণ গোটাব লাগিব নেকি বুলিও আৰক্ষীৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে।
প্ৰণিধানযোগ্য যে দুৰামাৰী অঞ্চলত পৰিস্থিতি ভিতৰি ভিতৰি এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে। অৱশ্যে আৰক্ষীয়ে বাহৰ পাতি থাকি পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰখাৰ লগতে নিয়মীয়া টহল দি আছে। দুৰামাৰী অঞ্চলৰ পৰা আৰক্ষী আঁতৰ হ'লেই পুণৰাই পৰিৱেশ উত্তপ্ত হৈ পৰিব নেকি তাকে লৈ সন্দিহানৰ সৃষ্টি হৈছে। আনহাতে ভুক্তভোগীৰ পৰিয়ালবৰ্গৰ শিশু, মহিলাসকল প্ৰচণ্ড শীতত কষ্ট পোৱাৰ লগতে খাদ্য , বাসস্থান আৰু গৰম কাপোৰৰ অভাৱত ভূগিছে ।