/asomiyapratidin/media/media_files/2025/06/17/SyGiP5RvKG1mfOtmohtc.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: স্খলিত হৈছে মানৱ সভ্যতা। ভূলুণ্ঠিত হৈছে মানৱতা। জঘন্য প্ৰবৃত্তিৰ মানসিকতাৰ ফলত নিজ কন্যাও পিতৃৰ কামনাৰ পৰা সাৰি যোৱা নাই। মানৱ সমাজক লজ্জানত কৰা তেনে এক ঘটনাই কোকৰাঝাৰবাসীক লজ্জানত কৰি তুলিছে। কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱৰ এটা পাষণ্ড পিতৃৰ কামনাৰ বলি হৈ আহিছিল তেওঁৰেই নাবালিকা কন্যা।
অভিযোগ অনুসৰি এজন ৫৫ বছৰীয়া ব্যক্তিয়ে নিজ পত্নীক হত্যা কৰা অভিযোগত দুবছৰ কাৰাবাস খাটিবলগীয়া হৈছিল । জেলৰ পৰা ওলোৱাৰ পিছত সেই লোকজনে পুণৰাই বিয়া পাতে যদিও তেওঁৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি পত্নীয়ে তিনিমাহ সংসাৰ কৰি নিজ গৃহলৈ পলাই যায়।
তাৰপিছৰে পৰা তেওঁ নিজৰ ১৫ বছৰীয়া নাবালিকা কন্যাৰ ওপৰত শাৰিৰীক নিৰ্যাতন আৰম্ভ কৰে। নাবালিকা গৰাকীয়ে পিতৃৰ কাৰ্যত বাধা প্ৰদান কৰিছিল যদিও মাকৰ দৰেই তাইকো হত্যা কৰিব বুলি ভাবুকি দিয়াত তাই সকলো মানি লবলৈ বাধ্য হৈছিল। উল্লেখযোগ্য যে কেৱল পিতৃয়ে নহয় নাবালিকাগৰাকীৰ বৰদেউতাকেও বলপূৰ্বকভাবে তেওঁক শাৰিৰীক নিৰ্যাতন চলাই আহিছিল।
দূৰ্ভগীয়া নাবালিকা গৰাকীয়ে তাইৰ সৈতে ঘটি থকা ঘটনা সন্দৰ্ভত বৰমাকক অৱগত কৰোৱাত বৰমাকে উক্ত বিষয় সন্দৰ্ভত কাকো নকবলৈ হে ধমকি দিয়ে আৰু যাৰ পৰিণতিত তাই উপায় বিহীন হৈ নীৰৱে থাকে। ইপিনে নাবালিকাগৰাকীৰ শাৰীৰিক পৰিবৰ্তন হোৱাত সম্পৰ্কীয় খুড়ীয়েকে সঁচা কথা কবলৈ হেঁচা দিয়াত সকলো কথা পোহৰলৈ আহে। পিছত নাবালিকাগৰাকীক যোৱা ৪ মে'ৰ দিনা বিলাসীপাৰালৈ নি সন্তান প্ৰসৱ কৰোৱা হয় যদিও নৱজাতক নিৰুদ্দেশ হয় ।
তাৰপিছত ৫ মে'ৰ দিনা হস্পিতালৰ পৰা ৰিলিজ দিয়া হয় আৰু বিলাসীপাৰাৰে এঘৰত নাবালিকাগৰাকীক ৰখা হয়। উক্ত ভয়ংকৰ ঘটনাৰ খবৰ পাই ৫ মে'ৰ নিশাই সম্পৰ্কীয় ককায়েকে বিলাসীপাৰাৰ পৰা নাবালিকাগৰাকীক লৈ আহে আৰু ৬ মে'ত নাবালিকাগৰাকীক ছালাকাটি থানাত হাজিৰ কৰায়।
আৰক্ষীয়ে নাবালিকা গৰাকীৰ অৱস্থা সংকটজনক দেখি কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় আৰু ঘটনা সন্দৰ্ভত 65(1) BNS 6 pocso আইনৰ অধীনত ছালাকাটি থানাত এক গোচৰ ( নং -114/25) পঞ্জীয়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যোৱা ৯ মে' তাৰিখে নাবালিকাগৰাকীৰ বৰদেউতাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। আনহাতে নাবালিকাগৰাকীৰ পাষণ্ড পিতৃ তেতিয়াৰে পৰা পলাতক হৈ আছিল ।
আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছিল আৰু অৱশেষত দুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ এটা ৰে'লৱে ষ্টেচনৰ পৰা পলাতক পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে অভিযুক্তক কোকৰাঝাৰলৈ লৈ আহে আৰু ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি জেললৈ প্ৰেৰণ কৰে ।
আৰক্ষীয়ে সদৰি কৰা মতে ঘটনাৰ সতে জড়িত আন দুই অভিযুক্ত অদ্যপি পলাতক হৈ আছে । উক্ত নাবালিকা যৌন নিৰ্যাতন ঘটনাৰ সতে বৰদেউতাকৰ লগতে তেওঁৰ পূত্ৰও জড়িত থকাৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। ইয়াৰ লগতে আন এগৰাকী স্থানীয় লোক জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । এই ঘটনাই মানৱ সমাজক লজ্জানত কৰি তুলিছে আৰু গাঁওবাসীয়ে অভিযুক্তসকলৰ ফাঁচীৰ দাবী উত্থাপন কৰিছে ।