বিধায়ক লৰেঞ্চ ইছলাৰীক সভাপতি হিচাপে লৈ কোকৰাঝাৰ জিলা ইউ পি পি এলৰ পূৰ্ণাঙ্গ কমিটি গঠন

কোকৰাঝাৰ জিলা ইউ পি পি এলৰ পূৰ্ণংগ কমিটি গঠনৰ উদ্দেশ্যৰে শনিবাৰে হল্টুগাঁৱত ইউ পি পি এলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। বিধায়ক লৰেঞ্চ ইছলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাতে ৫১ জনীয়া পূৰ্ণাংগ কমিটিখন গঠন কৰা হয়

author-image
Asomiya Pratidin
New Update
dg

ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰ জিলা ইউপিপিএলৰ পূৰ্ণংগ কমিটি গঠনৰ উদ্দেশ্যৰে শনিবাৰে হল্টুগাঁৱত ইউপিপিএলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ পূ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্তসভাতে কোকৰাঝাৰ জিলা ইউপিপিএলৰ ৫১ জনীয়া পূৰ্ণাংগ কমিটিখন গঠন কৰা হয়।

Advertisment

লৰেঞ্চ ইছলাৰীক সভাপতিসুৰষ মুছাহাৰীক সাধাৰণ সম্পাদক(প্ৰশাসনিক) আৰু অমুল্য সূত্ৰধাৰক সাধাৰণ সম্পাদক (কাৰ্যালয়) হিচাপে লৈ জিলা ইউপিপিএলৰ ৫১ জনীয়া পূৰ্ণাংগ কমিটিখন গঠন কৰা হয়। কমিটি গঠনৰ অন্তত একেদিনাই শপত গ্ৰহণ অনুষ্ঠানো সম্পন্ন হয়।

নৱনিৰ্বাচিত সদস্যসকলক শপতবাক্য পাঠ কৰা ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰুণ ৰায়ে। আজিৰ অনুষ্ঠানত লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীসহিতে আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতথাকেইপিনে জিলা ইউপিপিএলৰ সভাপতি হিচাপে শপতগ্ৰহণ কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে আগন্তুক কাৰ্যকালৰ বাবে সততা আৰু নিষ্ঠাৰে কাম কৰি যাবলৈ সকলোৰে আশীৰ্বাদ বিচাৰিছে। ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে শান্তি -উন্নয়ন আৰু প্ৰগতিৰ হকে কাম কৰি আছে আৰু সৰ্বস্তৰৰ জনতাই ইউপিপিএল দলক আকোঁৱালি লৈছে বুলি মন্তব্য কৰে ইছলাৰীয়ে । অনাগত সময়ছোৱাত ইউপিপিএল দল অধিক শক্তিশালি হব বুলি মন্তব্য প্ৰকাশ কৰি ইছলাৰীয়ে দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।

uppl