কোকৰাঝাৰত জয়ন্ত বসুমতাৰীক বিপুল আদৰণি

কোকৰাঝাৰত জয়ন্ত বসুমতাৰীক বিপুল আদৰণি

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বিজয়ক লৈ উৎফুল্লিত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো। মঙলবাৰে কোকৰাঝাৰত সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি জয়ন্ত বসুমতাৰীক শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ লগতে মন্ত্ৰী ৰণজিৎ দাস।

নিৰ্বাচনৰ ফলাফলৰ পাচতে ৰাইজক উদ্দেশ্যি প্ৰমোদ বড়োৱে কয় যে, এই বিজয় সুস্থ্য সমাজ গঢ়াৰ বাবে বিজয়। পূৰ্বতে যি বিভাজনকামী ৰাজনীতি আছিল সেয়া চিৰদিনৰ বাবে শেষ হ'ল। পূৰ্বতে হত্যা-হিংসা আছিল, মুকলিকৈ কথা কোৱাৰ পৰিৱেশ নাছিল, নিৰ্বাচন ভালদৰে অনুষ্ঠিত কৰিব পৰা নাছিল। কিন্তু এতিয়া শান্তি প্ৰতিষ্ঠা হ'ল। এই জয় ৰাইজৰ জয় বুলি সকলো শ্ৰেণীৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰমোদ বড়োৱে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকি ৰণজিৎ দাসে কয় যে,এয়া আমাৰ বাবে ছেমিফাইনেল আছিল, অহা বিটিচি নিৰ্বাচনত পুণৰাই ইউপিপিএল, বিজেপি আৰু অগপই ভাল প্ৰদৰ্শন কৰি চৰকাৰ গঠন কৰিব।

কোকৰাঝাৰত জয়ন্ত বসুমতাৰীক বিপুল আদৰণি
সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা নগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in