কোকৰাঝাৰ মহাবিদ্যালয়ৰ ৩ শিক্ষাৰ্থীৰ সাফল্য...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ২০২২ বৰ্ষৰ স্নাতক কলা , বাণিজ্য, বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কোকৰাঝাৰ মহাবিদ্যালয়ৰ তিনিগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ কোকৰাঝাৰ মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই আনে

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ মহাবিদ্যালয়ৰ ৩ শিক্ষাৰ্থীৰ সাফল্য...

তিনি কৃতি ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ২০২২ বৰ্ষৰ স্নাতক কলা, বাণিজ্য, বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কোকৰাঝাৰ মহাবিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈ কোকৰাঝাৰ মহাবিদ্যালয়লৈ সুনাম কঢ়িয়াই আনে ৷

Advertisment

মেধাৱী ছাত্ৰ-ছাত্ৰী কেইগৰাকী হ’ল ক্ৰমে গণিত বিভাগৰ শুভংকৰ মজুমদাৰ ৯.৭৬ পইণ্ট, সমাজতত্ব বিভাগৰ কৃষ্ণা ব্ৰহ্ম ৯.২৪পইণ্ট আৰু বাংলা বিভাগৰ মন দেৱনাথে ৮.৭২পইণ্ট লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, শুভংকৰ মজুমদাৰে অংক শাস্ত্ৰৰ তিনিওটা শাখাৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গ্ৰেজুৱেট হিচাবে অভিহিত হৈছে ৷ এই সাফল্যই স্বাভাৱিকতে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়খনৰ অধ্যক্ষাকে ধৰি সমূহ শিক্ষক- কৰ্মচাৰীবৃন্দ ,ছাত্ৰ-ছাত্ৰী সকলোক উৎফুল্লিত কৰি তোলে। অধ্যক্ষা ড° বনবীনা ব্ৰহ্মই কয় যে, বিভাগ সমূহলৈ প্ৰয়োজনীয় সুবিধা আগবঢ়োৱাত কাৰ্পণ্য নকৰাৰ কাৰণেই তথা শিক্ষক সকলৰ যথোচিত গুৰুত্ব আৰু কঠোৰ শ্ৰমদান কৰাৰ বাবেই মহাবিদ্যালয়খনে এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা চূড়ান্ত পৰীক্ষাই আছিল কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলোৰ কাৰণে অন্তিম পৰীক্ষা ৷ এতিয়াৰে পৰা কোকৰাঝাৰ মহাবিদ্যালয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত চামিল হ'ব। মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীবৃন্দ, ছাত্ৰ-ছাত্ৰী সকলে সুনাম অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী তিনিওগৰাকীক উষ্ম আদৰণী আৰু অভিনন্দন জ্ঞাপন কৰে ৷

assam gauhati university kokrajhar college