আয়তকৈ অধিক সম্পত্তিৰ গোচৰত আটক কোকৰাঝাৰৰ চিডিপিঅ' সূৰ্য বৰুৱাক

আয়তকৈ অধিক সম্পত্তিৰ গোচৰত কোকৰাঝাৰৰ জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ দেবীতোলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাক আটক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ। বিষয়াগৰাকীক আটক কৰি ধুবুৰীৰ পৰা গুৱাহাটীলৈ লৈ যোৱা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান

ডিজিটেল সংবাদ, ধুবুৰী: আয়তকৈ অধিক সম্পত্তিৰ গোচৰত কোকৰাঝাৰৰ জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ দেবীতোলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাক আটক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ। সোমবাৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে আটক কৰি বিষয়াগৰাকীক ধুবুৰীৰ পৰা গুৱাহাটীলৈ লৈ যোৱা ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

Advertisment

সোমবাৰে বিয়লি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ ধুবুৰীৰ এন এছ ৰোডত থকা ভাড়া ঘৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটি দলে অতৰ্কিতে অভিযান চলাই বিষয়া গৰাকীক বিভিন্ন বিষয় সন্দৰ্ভত সোধা-পোচা আৰম্ভ কৰে। উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বেও দীৰ্ঘ দিনৰ পৰা নজৰত থকা সূৰ্য বৰুৱাৰ গুৱাহাটীৰ বাস গৃহত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলাইছিল। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দলটোৱে আজি বিয়লি প্ৰায় ৪ বজাৰ পৰা সূৰ্য বৰুৱাৰ ধুবুৰী ভাৰা গৃহত উপস্থিত হৈ বহু নথি পত্ৰও জব্দ কৰে। অভিযানৰ শেষত সূৰ্য বৰুৱাক গুৱাহাটীলৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে।

cm vigilance সমাজ কল্যাণ কোকৰাঝাৰ