কোকৰাঝাৰত এবিএমছুৰ উদ্যোগত বিশাল সজাগতা সমদল

কোকৰাঝাৰত এবিএমছুৰ উদ্যোগত বিশাল সজাগতা সমদল
Published on
Updated on

ডিজিটেল সংবাদ,কোকৰাঝাৰ: সোমবাৰে কোকৰাঝাৰত এবিএমছুৰ উদ্যোগত বিশাল সজাগতা সমদল উলিওৱা হয়। মোকৰাপাৰাৰ পৰা কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰলৈ অপৰাধজনিত ঘটনা, ড্ৰাগছ,অবৈধ মদ,জুৱাৰ বিৰুদ্ধে সজাগতা সমদল বাহিৰ কৰে এবিএমছুৱে।

প্ৰায় ৪ কিলোমিটাৰ সমদল কৰি বিশাল সমদলটো উপস্থিত হয় কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত।হাতে হাতে বেনাৰ লৈ সমদলত অংশগ্ৰহণ কৰে বহু লোকে।

সমদলৰ অন্তত এবিএমছুৰ সভাপতি টাইছন হুছেইনে কয় যে,সমাজত অপৰাধজনিত ঘটনা,ড্ৰাগছ,অবৈধ মদ,জুৱাৰ প্ৰচলন বৃদ্ধি পাইছে।অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ কঠোৰ আইনী ব্যৱস্থা ল'ব লাগে।ধৰ্ষণকাৰীৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতত বিচাৰ হ'ব লাগে।

লগতে কয় যে,অপৰাধক ধৰ্মীয়কৰণ কৰিব নালাগে।একাংশ ৰাজনৈতিক নেতাই অপৰাধক নিদিষ্ট এটা জাতি, ধৰ্মৰ সতে সাঙুৰি লয়। এটা জাতি কেতিয়াও অপৰাধী হ'ব নোৱাৰে। ইয়াৰোপৰি আইনী আৰু ন্যায়িক ব্যৱস্থা শক্তিশালী কৰাৰ আহ্বান এবিএমছুৰ।

কোকৰাঝাৰত এবিএমছুৰ উদ্যোগত বিশাল সজাগতা সমদল
উত্তাল মেৰাপানী থানাৰ চৌহদঃ বিভিন্ন দল সংগঠনৰ থানা ঘেৰাও কাৰ্য্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in