কবিতা ৯২/ নীলপৱন

অৱসান ঘটিল এটি যুগৰ, অৱসান ঘটিল এটি প্ৰেম কাহিনীৰ । চিত্ৰশিল্পী নীল পৱন বৰুৱাৰ বিয়োগত ম্ৰিয়মাণ অসমীয়া ৰাইজ, তাৰ মাজতেই শিল্পী গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাৰূপে আগবঢ়োৱা হ'ল এটি কবিতা...
কবিতা ৯২/ নীলপৱন

- কিশোৰ কুমাৰ কলিতা

বুকুৰ কেনভাছত সাতোৰঙী এখন ছবি

শাশ্বত প্ৰেম

ৰং তুলিকাৰ বাংময় জীৱন

তামৰঙী ঘোৰা দৌৰৰ জীৱন্ত ছবি

পদপথত হেঙুল হাইতাল বোলোৱা হেপাঁহবোৰ

সেউজীয়াৰ বৰ্ণিময় সমাহাৰ

নীলপৱন !

আপুনি জীৱন্ত কিম্বদন্তী

জীৱন মানেই গান

জীৱন মানেই ছবি

জীৱন মানেই প্ৰেম

বতাহজাকে আজিও আমনি কৰে

বসন্তবোৰ বাৰে বাৰে আহে

জীৱন হেনো বৰ অনুপম

নীলপৱন !

নীল দিপালী হেনো প্ৰেমৰ প্ৰতীক

সৌৰভনগৰ হেনো প্ৰেমৰ চুবুৰী

আদম- ইভ পানৈ- জংকী

এন ফ্ৰাংকৰ ডায়েৰী

আধালেখা দস্তাবেজ

মনত পৰে নীলপৱন !

চশমাৰ ফাকেৰে সৰকি আহে

প্ৰাণৰো আপোন প্ৰেমৰ চাৱনি।

চেনাইলৈ থৰ লাগি চোৱা চুকুজৰি

বুকুৰ কেনভাছত আকিলে নেকি

নীলপৱন !

যুগ যুগান্তকাৰৰ শাশ্বত প্ৰেম কাহিনী

কাৰ বাবে এৰি থৈ গল

নীলপৱন !

প্ৰেমৰ বাবেই উৎসৰ্গিত আছিল জীৱন

ভাগৰুৱা দেহাৰে আপুনি শুব খুজিছিল

অজুহাত বিচাৰি ফুৰিছিল নীলপৱন !

নীল দিপালীৰ প্ৰেমৰ শাশ্বত ছবি

কেনভাছত সুবাসিত যন্ত্ৰণাৰ নাম

নীলপৱন !

ৰূপালী ৰঙৰ আবিৰ সানি

মোনাখনত ৰং তুলিকা সামৰি

কোনো দিনেই উভতি নহাৰ বাটেৰে

বাট পোনালে নীলপৱন !

শুকুলা ঘোৰাবোৰকো দৌৰিবলৈ দিয়া

সাতোৰঙী ৰামধেনুৰ ৰংবোৰ চিনিবলৈ দিয়া

নীলপৱন !

জীৱন্ত কিম্বদন্তী সৌৰভ নগৰৰ প্ৰেমৰ চুবুৰী

কি দি গ'ল আপুনি

হিৰুদাই কোৱাৰ দৰে মৃত্যু সচাই শিল্প

নীলপৱন !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in