কবিতা ৮৭/ কাল

author-image
Asomiya Pratidin
New Update
কবিতা ৮৭/ কাল

- ৰঞ্জন কাশ্যপ

যদি সময়ে বিচাৰে নতুনৰ সন্ধান

কোনে বাধা দিব পাৰে

আমি কালিকা লগা যুগৰ মানুহ

চকু থাকিও অন্ধ

মুখ থাকিও কথা ক'ব নজনাকৈ

বোবা হৈ থাকিব খোজো

কালে লৈ যায় আমাক

কালে দি যায় আমাক

কাল হৈ পৰে মহাকাল

কাৰ শক্তি আছে 

মহাকালক বাধা দিয়াৰ

আমি নীৰৱ দৰ্শক

কাল আমাৰ সাক্ষী

আমি কালৰ দাস

assamese poem