কবিতা ১২৩/ ভোকে কান্দে

author-image
Asomiya Pratidin
New Update
কবিতা ১২৩/ ভোকে কান্দে

- ইকবাল হোচেইন খান

Advertisment

তেতিয়াও ভোকে কান্দিছিল ইনাই-বিনাই

আজিও ভোকে কান্দে ইনাই-বিনাই ।

অজুহাত চলি আছে

চলি থাকিব অনাদি অনন্ত

"ৰাইজেই ৰজা ।"

প্ৰতিশ্ৰুতিৰ ন- ন ৰূপ

ৰঙীন প্ৰতিশ্ৰুতি

প্ৰতিষ্ঠিত হয় নতুন নতুন সত্তাৰ

আৱেগৰ মুৰ্চনাত জন্ম লয় নতুন আশা ।

তাৰবাবেই ৰাজনীতি

তাৰবাবেই ইতিহাস

তাৰবাবেই ৰচা হয় কুট-কৌশল ।

এতিয়া অৰ্থনীতিৰ কিতাপত

শিকোৱা হয় বুৰঞ্জীৰ কথা

সাধু কথা

এয়াই সময়ৰ বিভ্ৰাট

চলি আছে বাটৰ নাট

চলি থাকিব বাটৰ নাট

আন্ধাৰৰ সপোন

ভোক শিল হৈ আছে

জনতা মৰি মৰি জীয়াই আছে

মাৰি মাৰি জীয়াই ৰাখে

ইয়াৰ নামেই শাসন

ইয়াৰ নামেই শোষণ

এনেকৈ লিখা হয় ইতিহাস

বৰ কৰুণ

বৰ মৰ্মভেদী

ভোকৰ ইতিহাস

আৰু পঢ়ক : কবিতা ১২২/ সাধুকথাৰ তেজা

assamese poem