/asomiyapratidin/media/media_files/2025/06/03/NV6qMnfmYxUqU4PLbapV.jpg)
আইপিএলৰ পৰা কিমান উপাৰ্জন কৰে জিঅ’ হটষ্টাৰে?
ডিজিটেল ডেস্কঃ প্ৰায় আঢ়ৈ মাহজোৰা উৎকণ্ঠাৰ অন্তত অৱশেষত আজি অন্ত পৰিব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। ক্ৰিকেট আৰু গ্লেমাৰৰ সংমিশ্ৰণ এই আইপিএলত প্ৰতিবাৰেই কোটি কোটি টকা উপাৰ্জন কৰে ফ্ৰেঞ্চাইজিয়ে। দলসমূহৰ পৰা আৰম্ভ কৰি বিচিচিআইলৈকে প্ৰতি বছৰে উপাৰ্জন কৰা এই ৰাজহ বিজ্ঞাপন, সম্প্ৰচাৰ আৰু অন্যান্য উৎসৰ পৰা আহে। অৱশ্যে এই উপাৰ্জনৰ ক্ষেত্ৰত জিঅ’ হটষ্টাৰো পিছ পৰি থকা নাই। হটষ্টাৰে কেৱল সম্প্ৰচাৰৰ পৰাই প্ৰতিটো ছিজনত হাজাৰ কোটি টকা উপাৰ্জন কৰে।
আই পি এলৰ এই ছিজনটো হটষ্টাৰৰ বাবে লটাৰীতকৈ কম নহয়। জিঅ’ আৰু হটষ্টাৰৰ একত্ৰীকৰণৰ পিছত ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই পৰিসংখ্যাই এতিয়া নেটফ্লিক্সকো অতিক্ৰম কৰিছে। বিগত মাহত জিঅ’ হটষ্টাৰৰ চাবস্ক্ৰিপচন ২৮ কোটিলৈ বৃদ্ধি পাইছে। যিটো এপ্ৰিল মাহত প্ৰায় ২০ কোটি আছিল।
উল্লেখযোগ্য যে, এই ছিজনটো কেৱল দৰ্শকৰ সংখ্যাৰ ক্ষেত্ৰতে নহয় ৰাজহ আহৰণৰ ক্ষেত্ৰতো জিঅ’ হটষ্টাৰৰ বাবে অতি লাভজনক হৈছে। এক প্ৰতিবেদন অনুসৰি, এইবাৰৰ আইপিএলৰ পৰা জিঅ’ হটষ্টাৰে ৪৫০০ কোটি টকাৰ ৰাজহ লাভ কৰাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি, যোৱা ছিজনত ৰাজহ আছিল প্ৰায় ৪০০০ কোটি টকা।