ক’ৰ পৰা আহে ভোট দিওতে আপোনাৰ তৰ্জনী আঙুলিত লগোৱা সেই চিয়াহী?

ক’ৰ পৰা আহে ভোট দিওতে আপোনাৰ তৰ্জনী আঙুলিত লগোৱা সেই চিয়াহী?

author-image
asomiyapratidin
New Update
ক’ৰ পৰা আহে ভোট দিওতে আপোনাৰ তৰ্জনী আঙুলিত লগোৱা সেই চিয়াহী?

ডিজিটেল ডেস্কঃ আপুনি ভোট দিলেনে? যদি দিলে তেন্তে আপোনাৰ ভোট দিয়াৰ প্ৰমাণ কি? আপুনিও নিশ্চয় কেতিয়াবা এনে প্ৰশ্নৰ সন্মুখীন হৈছে। তেতিয়া আপোনাৰ হাতৰ তৰ্জনী আঙুলিত ভোট দিওতে লগাই দিয়া চিয়াহীৰ দাগটোৱেই প্ৰমাণ দিবলৈ যথেষ্ট যে আপুনি ভোট দি উঠিছে। পিছে ভোট দিওতে হাতত লগাই দিয়া এই চিয়াহী আহে ক'ৰ পৰা? কেতিয়াবা ভাবি চাইছেনে?

Advertisment

ভোটৰ সময়ত ব্যৱহাৰ কৰা এই চিয়াহী সাধাৰণ চিয়াহী নহয়। এই চিয়াহীৰ দাগ তৰ্জনী আঙুলিৰ নখ আৰু চালত বহুদিনলৈকে মচ নোখোৱাকৈয়ে ৰৈ যায়। ফলত দীৰ্ঘ দিনলৈ এই দাগ সাক্ষী হৈ পৰে ভোটাৰৰ ভোটদানৰ। ভোটৰ সময়ত ব্যৱহৃত এই চিয়াহী বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা হয়। ভাৰতৰ কেৱল দুটা কোম্পানীয়ে এই চিয়াহী প্ৰস্তুত কৰে।

ভাৰতত ভোটাৰ ইংক নিৰ্মাণ কৰা কোম্পানী দুটা হৈছে হায়দৰাবাদৰ ৰায়ুডু লেম্বছ আৰু মহীশূৰৰ পেইন্টছ এণ্ড বাৰ্ণিছ লিমিটেড। এই দুটা কোম্পানীয়ে কেৱল ভাৰতৰ বাবেই নহয়, আমেৰিকা, ডেনমাৰ্ক, পাকিস্তান, আফগানিস্তান, আফ্ৰিকা আদি বিশ্বৰ ২৮খন দেশলৈ এই চিয়াহী প্ৰেৰণ কৰে।

এই চিয়াহী প্ৰস্তুতৰ সময়ত কেৱল কোম্পানী ষ্টাফ আৰু বিষয়াকহে কোম্পানীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয়। দুয়োটা কোম্পানীয়ে দৈনিক ২৫ৰ পৰা ৩০ হাজাৰ বটল এই চিয়াহী প্ৰস্তুত কৰি উলিয়ায়। এই চিয়াহীত চিলভাৰ নাইট্ৰেট ব্যৱহাৰ কৰা হোৱা বাবে ইয়াৰ ৰং বহুদিনলৈ মচ নোখোৱাকৈ থাকে।

আনহাতে নিয়মানুসাৰে কোম্পানী দুটাই প্ৰস্তুত কৰা চিয়াহী নিজৰ ৰাজ্যৰ ভোটৰ সময়ত যোগান ধৰিব নোৱাৰে। যাৰ বাবে হায়দৰাবাদৰ ৰায়ুডু লেম্বছে তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ বাবে চিয়াহী যোগান ধৰিব নোৱাৰে।