আপুনি জানেনে! ৰে'ল নোযোৱা ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন?

আপুনি জানেনে! ৰে'ল নোযোৱা ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন?
Published on
Updated on

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’লৱে হৈছে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ৰে’লৱে পৰিবহন ব্যৱস্থা। ভাৰতত প্ৰতিদিনে ৩কোটি লোক ৰে’লত যাত্ৰা কৰে। প্ৰতিদিনাই ভাৰতত ২৩হাজাৰ ৰে’ল চলাচল কৰে, ইয়াৰে ১৩হাজাৰ ৰেল হৈছে যাত্ৰীবাহী ৰে’ল। এই সমগ্ৰ ৰে’ল ৭হাজাৰ ষ্টেচনত স্পৰ্শ কৰি যাত্ৰা কৰে।

ইমান এটা সৰ্ববৃহৎ ৰে’লৱে পৰিবহন ব্যৱস্থা থকা পাছতো আমাৰ দেশৰ এনে এখন ৰাজ্য আছে,যিখন ৰাজ্যত নচলে এখনো ৰে’ল। আপুনি জানি আচৰিত হ’ব যে, উত্তৰ-পূবৰে এই ৰাজ্যখনত নাই এটাও ৰে’ল পথ। ১৯৭৫চনৰ ১৬মেত দেশৰ ২২সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰা ছিক্কিমত আজি লৈকে চলা নাই ৰে’ল।

আজিও ছিক্কিমলৈ যোৱা লোকসকল পশ্চিম বংগ হৈ শিলিগুৰি নাইবা জলপাইগুৰি ৰে’ল ষ্টেচনত নামি অন্য বাহনেৰে যাব লাগে।  এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ছিক্কিমলৈ ৰেল পথ সম্প্ৰসাৰণ কৰাৰ প্ৰকল্প ইতিমধ্যে গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। এই প্ৰকল্প ২০২৯চনত সম্পূৰ্ণ হোৱাৰ কথা। সকলো ঠিকে ঠাকে থাকিলে ২০২৯চনত ছিক্কিমতো শুনা যাব ৰে’লৰ উকি।

উল্লেখ কৰা প্ৰয়োজন যে,  বৰ্তমান ছিক্কিমত কোনো বিমান বন্দৰো নাই। ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিভাগ। তথাপি, ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰটো গেংটকৰ পৰা ৩০ কিঃমিঃ (১৯মাইল) নিলগৰ পাকয়ংত নিৰ্মাণ কৰাৰ যো-জা চলি আছে। বৰ্তমান ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুড়িৰ ওচৰৰ বাগডোগ্ৰা বিমান বন্দৰ। ই গেংটকৰ পৰা প্ৰায় ১২৪ কিঃমিঃ দূৰত অৱস্থিত। ছিক্কিম হেলিকপ্টাৰ ছাৰ্ভিছয়ে গেংটকৰপৰা বাগডোগ্ৰালৈ দৈনিক বিমান সেৱা আগবঢ়ায়। ৩০ মিনিটৰ এই বিমান যাত্ৰাটো দৈনিক এবাৰহে চলে আৰু প্ৰতিবাৰত ৪জন যাত্ৰী কঢ়িয়াব পাৰে।

আপুনি জানেনে! ৰে'ল নোযোৱা ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন?
বৰা দোষী! এতিয়াহে সংঘৰ আই-বাপ সকল সুখী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in