মেৰাপানী, গোগামুখত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

গোগামুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাতত লয় প্ৰতিবাদী কাৰ্যসূচী। বৰদলনি চাৰিআলিৰ পৰা সমদল বাহিৰ কৰি বৰদলনি  উন্নয়ন খণ্ডৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। গমাৰিগুৰি উন্নয়ন খণ্ড কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অৰুণোদয় বঞ্চিত মহিলাই

author-image
Asomiya Pratidin
New Update
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ডিজিটেল ডেস্ক: গোগামুখ বৰদলনিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাতত লয় বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। বৰদলনি চাৰিআলিৰ পৰা  সমদল বাহিৰ কৰি বৰদলনি  উন্নয়ন খণ্ডৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন ৰাজনৈতিক নেতাৰ ঘৰত প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই হিতাধীকাৰী নিৰ্বাচনত ৰাজনৈতিক বৈষম্যৰো অভিযোগ তুলি সংগঠনটোৱে বৰদলনি  উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিলে ব্যাপক প্ৰতিবাদ। অঞ্চলটোত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ নামত ধন সংগ্ৰহৰ অভিযোগৰ উত্থাপন হৈছে। ইয়াৰ লগতে কৃষকৰ বিত্তীয় অনুদানৰ ধন ২০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি,বৃদ্ধ পেঞ্চনৰ ধন ২৫০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি,দুখীয়া পৰিয়ালক চৰকাৰী গৃহ প্ৰদানৰ বাবে জিঅ টেগ কৰা ব্যৱস্থা গ্ৰহণৰ দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। উন্নয়ন খণ্ডত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ব্লক উন্নয়ন বিষয়াক জবাবদিহি কৰে প্ৰতিবাদী কৃষক মুক্তিৰ নেতাই।

Advertisment

ইফালে মেৰাপানীৰ গমাৰিগুৰি উন্নয়ন খণ্ড কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ অৰুণোদয় বঞ্চিত মহিলাই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মহিলাসকলে চৰকাৰী আঁচনিত হোৱা স্বজন তোষনৰ প্ৰতিবাদত উন্নয়ন খণ্ডটোৰ বিষয়াজনক জৱাবদিহী কৰে। উল্লেখযোগ্য যে, গমাৰিগুৰি উন্নয়ন খণ্ড এলেকাৰ গাঁও পঞ্চায়ত সমূহত হিতাধিকাৰী নিৰ্বাচনৰ নামত একাংশ দালালে ধন সংগ্ৰহ কৰা সন্দৰ্ভটো প্ৰতিবাদী মহিলাসকলে খণ্ড উন্নয়ন বিষয়াগৰাকীক অভিযোগ দাখিল কৰে। প্ৰতিবাদী মহিলাসকলে অভিযোগ কৰা অনুসৰি বিজেপি দলৰ নেতাসকলে কেৱল বিজেপি সমৰ্থকৰ পৰিয়ালকহে চৰকাৰী আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ এক অঘোষিত নিয়ম বান্ধি দিছে। সোমবাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীটোৰ নেতৃত্ব প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ ৰাজ্যিক সম্পাদক বিদ্যুত শইকীয়াই।

অৰুণোদয় অৰুণোদয় আঁচনি