মাইক্ৰফাইন্সেৰ ঋণ ৰেহাই, অৰুণোদয় আঁচনি সঠিক বিতৰণৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ধাৰ ৰেহাই দিব বুলি ৰাজহুৱা প্রতিশ্রুতি দিছিল।

author-image
Asomiya Pratidin
New Update
মাইক্ৰফাইন্সেৰ ঋণ ৰেহাই, অৰুণোদয় আঁচনি সঠিক বিতৰণৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ বেকাজানঃ ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ধাৰ ৰেহাই দিব বুলি ৰাজহুৱা প্রতিশ্রুতি দিছিল। কিন্তু পৰৱৰ্তী সময়ত শাসনৰ গাদী দখল কৰি প্ৰতিশ্রুতিৰ পৰা পাভলুটি মৰা কাৰ্যৰ বিৰুদ্ধে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰত বিশাল সমদলেৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

আজি দুপৰীয়া প্ৰখৰ ৰ'দকো নেওচি ন আলি ৰে'ল গেটৰ পৰা তিতাবৰ সমজিলা আয়ুক্ত কাৰ্যালয়লৈ হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ ' বিজেপি গ' বেক,  মিছলীয়া মুখ্যমন্ত্ৰীৰ কাম নাই,  গাঁৱৰ সকলো মহিলাৰ ঋণ মাফ কৰিব লাগিবই,  প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা মুখ্যমন্ত্ৰী হায় হায় আদি শ্লোগানেৰে সমদল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

কৃষক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মীয়ে সমজিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি মাইক্ৰফাইন্সেৰ ঋণ মাফ কৰিবলৈ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ সম্পাদক তপন ফুকনে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত প্ৰতিখন ৰাজনৈতিক সভাত ডিঙিৰ শিৰফুলাই বক্তব্য আগবঢ়াইছিল যে গাঁৱৰ সকলো মহিলাৰ মাইক্ৰ'ফাইন্সেৰ ঋণ মাফ কৰি দিব। কিন্তু তেওঁ এতিয়ালৈকে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ঋণ মাফ কৰি দিয়া নাই।  

পৰিতাপৰ কথা যে মুখ্যমন্ত্ৰীয়ে ঋণ মাফ কৰিম বুলি গাদী দখল কৰিলে যদিও আজি ঋণ ৰেহাই বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে।এতিয়াও সময় আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি মাইক্ৰফাইন্সেৰ ঋণ মাফ নকৰে তেতিয়া আমি সমগ্ৰ অসমৰ মহিলাক লগত লৈ আন্দোলন গঢ়ি তুলিম।

তেওঁ আৰু কয় হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা দায়সৰা প্ৰতিশ্ৰুতিৰ অচিলাৰে বিভিন্ন মাইক্র 'ফাইনেন্স কোম্পানীয়ে বর্তমান গ্রামাঞ্চলৰ দুখীয়া মহিলাসকলক নানা ধৰণেৰে মানসিক নির্যাতন চলাই আহিছে। মুখ্যমন্ত্ৰীৰ দৰে এজন সম্মানীয় পদবীৰ ব্যক্তিয়ে ইমান স্পষ্ট মিছা বক্তব্য ৰখাটো অতি গার্হিত কাম। 

আনহাতে' অৰুণোদয়' আঁচনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো মহিলাই ' সুবিধা লাভ কৰিব লাগে। কিন্তু আজি পর্যন্ত যোৰহাট জিলাৰ তিতাবৰ সম জিলাৰ অন্তৰ্গত সকলো মহিলাই 'অৰুণোদয়' লাভ কৰা নাই। অতি বিসংগতিপূর্ণভাৱে ৰাজনৈতিক উদ্দেশ্য জাপি দি এই আঁচনিখনৰ পৰা বহু মহিলাক বঞ্চিত কৰি বখা হৈছে। 

চৰকাৰী শ্লোগান 'সবকা সাথ সবকা বিকাশ' ৰ সম্পূৰ্ণ ওলোটা ছবি এখন পৰিস্ফুট হৈ পৰিছে। সেয়েহে আমি গাঁৱৰ দুখীয়া মহলিাসকলৰ সম উন্নয়ন আৰু স-সন্মানেৰে জীয়াই থাকিব পৰা পৰিৱেশ বিছাৰিছো। ইয়াৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰ সমজিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মাইক্র'ফাইনেন্স কোম্পানীসমূহক দিবলগীয়া সকলো কিস্তি ৰেহাই দি দুখীয়া মহিলাসকলক ঋণমুক্ত কৰা,  মাইক্র'ফাইনেন্স কোম্পানীসমূহে মহিলাসকলক চলাই অহা মানসিক হাৰাশাস্তি ৰোধ কৰিবলৈ বিশেষ ব্যবস্থা গ্রহণ কৰা, 'অৰুণোদয়' আঁচনিৰ পৰা বর্তমানে বঞ্চিত সকলো যোগ্য মহিলাক অতি শীয়ে আঁচনিৰ অন্তৰ্ভুক্ত কৰা আৰু 'অৰুণোদয়' আঁচনি প্রদান কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক ব্যক্তিৰ হস্তক্ষেপ বন্ধ কৰা তথা কেবল নিৰপেক্ষ প্রশাসনৰ দ্বাৰাহে যোগ্যসকলক বিবেচিত কৰাৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। 

ইয়াৰ অন্যথা দাবীসমূহৰ গুৰুত্বতা উপলব্ধি কৰি ক্ষীপ্ৰতাৰে যথোপযুক্ত ব্যৱস্থা গ্রহণ নকৰে তেতিয়া গাঁৱৰ মহিলাসকলৰ সর্বাংগীন উন্নয়নৰ স্বাৰ্থত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিবলৈ বাধ্য বুলি সকীয়াই দিয়ে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ সভাপতি অৰিন্দম গগৈ, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্রীয় সাংগঠনিক সম্পাদিকাজুলি কছাৰী, যোৰহাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক তপন ফুকন বৰুণ লাহনে অংশগ্ৰহণ কৰে। 

তিতাবৰ বেকাজান