ডিজিটেল সংবাদ,তিতাবৰঃ মাইক্ৰফাইনেন্স ঋণ মাফ কৰা আৰু থলুৱা ভূমিহীন লোকক মাটিৰ ম্যাদী পট্টা প্ৰদানৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰ ষ্টেচন তিনি আলিৰ পৰা এক সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদথলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়াই।মুখ্যমন্ত্ৰীয়ে ৰিণিকি ভূঞাৰ নামত থকা ক্ৰয় কৰা বাগান বিক্ৰী কৰি হ'লেও অসমীয়া মহিলাৰ ঋণ পৰিশোধ কৰিব লাগিব বুলি উল্লেখ কৰে শইকীয়াই।
হিমন্ত বিশ্ব শৰ্মাই বসুন্ধৰাৰ জৰিয়তে অসমৰ মানুহৰ চকুত ধুলি দি কেৱল আদানী, ৰামদেৱ আৰু ৰিণিকf ভূঞাক স্কুল খুলিবলৈ মাটি দিলেই নহ'ব। অসমৰ থলুৱা মানুহক মাটি দিবই লাগিব বুলি দাবী জনাই।
তদুপৰি ৰাজহ চক্ৰ বিষয়া যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। দাবী পূৰণ নহ'লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।