স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদ KMSS ৰ

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া জাপৰিপথাৰত যোৱা ১০ ডিচেম্বৰত বলপূৰ্বকভাৱে কেইবাটাও পৰিয়ালৰ বাসগৃহত সংস্থাপন কৰা হৈছিল স্মাৰ্ট মিটাৰ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,গোলাঘাটঃস্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া জাপৰিপথাৰত যোৱা ১০ ডিচেম্বৰত বলপূৰ্বকভাৱে কেইবাটাও পৰিয়ালৰ বাসগৃহত সংস্থাপন কৰা হৈছিল স্মাৰ্ট মিটাৰ।

ইয়াৰ প্ৰতিক্ৰিয়াৰূপে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। মঙলবাৰে বোকাখাত সমজিলাৰ অধীনৰ বৰজুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰায় অৰ্ধশতাধিক লোকক লগত লৈ বোকাখাত বিদ্যুৎ বিভাগৰকাৰ্যালয় ঘেৰাও কৰাৰ বাবে ৰাওনা হয় প্ৰতিবাদী দলটো। ইপিনে KMSSৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ অভিযোগ যি সময়ত বিহাৰ,তামিলনাডু,ত্ৰিপুৰা,উত্তৰাখণ্ডত স্মাৰ্ট মিটাৰ সংস্থাপনৰ সংখ্যা শূন্য সেই সময়ত অসমত ১৮,২৭,১৫৪ স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে। একপ্ৰকাৰ দৰিদ্ৰ,খাটিখোৱা লোকক টেটুচেপা দিয়াৰ ব্যৱস্থা কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই ।

স্মাৰ্ট মিটাৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি