/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/y4qljqb5/6.jpg)
ডিজিটেল সংবাদ,ধেমাজি: স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাইজক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সোমবাৰে প্ৰায় ৩শতাধিক ৰাইজে ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয় (APDCL) ঘেৰাও কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷
ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুতৰ লুকা-ভাকু, ২৪ ঘন্টাৰ ভিতৰত ৫ ঘন্টাই অনিয়ম বিদ্যুৎ সেৱা আৰু স্মাৰ্ট মিটাৰ জৰিয়তে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি জনসাধাৰণক লুণ্ঠন চলোৱাৰ এনে কাণ্ডৰ বিৰুদ্ধে সোমবাৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী লগতে শ শ পুৰুষ-মহিলা ৰাজপথেৰে সমদল কৰি আহি ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাওঁ কৰে ৷
প্ৰায় ১ঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী সকলে হাতে হাত প্লে-কাৰ্ড,বেনাৰ পোষ্টাৰ লৈ বিদ্যুৎ বিভাগ হায় হায়, আমাক নিয়মিত বিদ্যুৎ সেৱা যোগান ধৰক,বিদ্যুৎ বিভাগ কাম নাই,স্মাৰ্ট মিটাৰ বন্ধ কৰক, ৰ্স্মাট মিটাৰ ঠিকাৰৰ গুণ্ডাগিৰি নচলিব,ৰ্স্মাট মিটাৰ বন্ধ কৰি পুনৰ আগৰ মিটাৰ সমূহ ঘুৰাই শীঘ্ৰেই ঘূৰাই দিয়ক, ৰ্স্মাট মিটাৰ লগাবলৈ গৈ ভয়- ভাবুকি ,ব্লে-মেইলিং কৰা ঠিকাদাৰ সকলক শীঘ্ৰেই আইনগত ব্যৱস্থা গ্ৰহণ কৰক, ৰ্স্মাট জৰিয়তে ইতিমধ্যে ৰাইজৰ পৰা অতিৰিক্তভাৱে সংগ্ৰহ কৰা বিদ্যুৎ মাচুল সমূহ ঘূৰাই দিয়া ব্যৱস্থা কৰক ইত্যাদি বিভিন্ন শ্ল’গানৰে উত্তাল কৰি তোলে বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় চৌহদ ৷
তাৎপৰ্যপূৰ্ণ যে ধেমাজিৰ APDCL ৰ কাৰ্য্যালয়ত সোমবাৰে এজনো কাৰ্য্যালয়ৰ বিষয়া অভিযন্ত্ৰা উপস্থিত নথকাত প্ৰতিবাদকাৰী সকলে আৰু অধিক উত্তেজিত হৈ উঠে ৷ প্ৰতিবাদকাৰী সকলে সংমণ্ডলৰ বিষয়া অভিযন্ত্ৰা আহিবই লাগিব আৰু ৰ্স্মাট মিটাৰ সমস্যাৰ সম্পৰ্কে আমাক বুজাই দিব লাগিব বুলি দাবী কৰাত উপস্থিত থকা সংলগ্ন ৰাজহচক্ৰ বিষয়া তথা দণ্ডাধীশ,আৰক্ষী আৰু কাৰ্য্যালয়ৰ কৰ্মচাৰী সকল উপায়হীন হৈ পৰে ৷ পিছত কাৰ্য্যালয়ৰ চাৱ ৰেভিনিউ মেনেজাৰ হেমন্ত শইকীয়া নামৰ কৰ্মচাৰী জনে প্ৰতিবাদকাৰী সকলৰ সন্মুখত আহি উপস্থিত হোৱাতে প্ৰতিবাদকাৰী সকলে শান্ত হয়৷
উল্লেখ্য যে উৰ্ধতম বিষয়া উপস্থিত নথকাত ৰিভিউ কৰ্মচাৰী জনে একো উত্তৰ দিব নোৱাৰাত ৰাইজ আৰু অধিক উত্তাল প্ৰতিবাদ কৰাত হতভম্ব হৈ কৰ্মচাৰীজনে একো উত্তৰ দিব নোৱাৰা অৱস্থা হয়৷ শেষত ৰাইজে দণ্ডাধীশ আৰু ধেমাজি আৰক্ষী উপ-অধীক্ষকৰ সাক্ষাতত প্ৰতিবাদকাৰী সকলে বিদ্যুৎ বিভাগক ১০০ ঘন্টা সময় বান্ধি দিয়ে ৷
উক্ত বান্ধি দিয়া সময়ৰ ভিতৰত যদি বিদ্যৎ বিভাগে প্ৰতিবাদকাৰী প্ৰতিনিধি সকলৰ সৈতে আলোচনাত বহি বিষয়টো নিষ্পত্তি কৰিবলৈ দাবী জনায়,ইতিমধ্যে লগোৱা ৰ্স্মাট মিটাৰ শীঘ্ৰেই খুলি আনি পুনৰ পুৰণা মিটাৰ লগোৱা ব্যৱস্থা কৰা আৰু গাঁও সমূহত কোনো কাৰনতে ৰ্স্মাট লগোৱা ঠিকাদাৰ সকলক প্ৰবেশ নকৰিবলৈ দাবী জনায় ৷
শেষত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দ্বয় ভৱেন হালৈ আৰু যদুমনি গগৈ ,সাধাৰণ সম্পাদক দ্বয় নাৰায়ন বৰা আৰু দূৰ্গা বড়াই স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ ধেমাজি জিলা আয়ক্তৰ জৰিয়তে বিদ্যুৎ বিভাগৰ মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
Also Read: সৌভাগ্যশালী ৫টা ৰাশিঃ হনুমানে দিব ধৈৰ্য আৰু শক্তি, দূৰ কৰিব বাধা-বিঘিনি...