এপিডিচিএলৰ ভিতৰচৰাত সংঘটিত দুর্নীতিৰ বিৰুদ্ধে সোচ্ছাৰ কৃষক মুক্তি

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত প্ৰিপেইড স্মাৰ্ট মিটাৰ সংস্থাপনত সংঘটিত বিভিন্ন অনিয়ম, এপিডিচিএলৰ ভিতৰচৰাত সংঘটিত ব্যাপক দুর্নীতিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে কৃষক মুক্তি সংগ্রাম সমিতি।

author-image
Asomiya Pratidin
New Update
kmss

এপিডিচিএলৰ ভিতৰচৰাত সংঘটিত দুর্নীতিৰ বিৰুদ্ধে সোচ্ছাৰ কৃষক মুক্তি

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত প্ৰিপেইড স্মাৰ্ট মিটাৰ সংস্থাপনত সংঘটিত বিভিন্ন অনিয়ম, এপিডিচিএলৰ ভিতৰচৰাত সংঘটিত ব্যাপক দুর্নীতিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে কৃষক মুক্তি সংগ্রাম সমিতি।

Advertisment

প্রিপেইড স্মার্ট মিটাৰৰ জৰিয়তে এপিডিচিএলে বিদ্যুতৰ ঘৰুৱা গ্ৰাহকৰ ওপৰত চলোৱা লুণ্ঠন আৰু শক্তি বিভাগ তথা চৰকাৰৰ কমিচনৰাজ আৰু দুর্নীতিৰ বিৰুদ্ধে ৰাইজৰ সহযোগত কৃষক মুক্তি মুক্তি সংগ্রাম সমিতিয়ে বিগত দুটা বছৰে তীব্র প্রতিবাদ সাব্যস্ত কৰি আহিছে। স্মার্ট মিটাৰক লৈ এপিডিচিএলৰ ভিতৰচৰাত সংঘটিত হৈ থকা চূড়ান্ত অনিয়ম আৰু দুর্নীতিৰ বিষয়ে সংবাদমেল যোগে সদৰী কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সদৌ অসম বিদ্যুৎ উপভোক্তা সংস্থাৰ উপদেষ্টা বিমল দাসে।

সংবাদমেলত তথ্য দাঙি ধৰি নেতা দুগৰাকীয়ে কয় যে, সমগ্ৰ ভাৰতবৰ্ষতে স্মার্ট মিটাৰ সংস্থাপনৰ বাবে আৰডিএচএচ (RDSS) আঁচনিৰ আধাৰত মুঠ ২২ কোটি ৩৭ লাখৰ অনুমোদনৰ বিপৰীতে সমগ্ৰ ভাৰতবৰ্ষত ৩ কোটি ৫৪ লাখ মিটাৰ বৰ্তমানলৈ সংস্থাপিত হৈছে। অর্থাৎ সর্বভাৰতীয় পৰ্যায়ত মুঠ লক্ষ্যৰ কেৱল মাথো ১৫% স্মার্ট মিটাৰ সংস্থাপিত হৈছে। অসমৰ মুঠ ৬৯ লাখ ২১ হাজাৰ টা মিটাৰৰ বিপৰীতে বর্তমানলৈ ৪১ লাখ ৯৩ হাজাৰ টা স্মার্ট মিটাৰ অর্থাৎ মুঠ কামৰ ৬০% সম্পূর্ণ হৈছে। অর্থাৎ নেচনেল এভাৰেজতকৈ অসমত ৪ গুণ অধিক স্মার্ট মিটাৰ সংস্থাপন কৰি অসমে ৰেকৰ্ড গঢ়িছে। প্রতিটো ক্ষেত্রতে তলৰ ফালৰ পৰা স্থান দখল কৰা অসম কিন্তু গ্রাহক বিৰোধী স্থিতিৰে ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকৰ পৰা আগধন (প্রিপেইড) লৈহে বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত।

 ইয়াৰ বিপৰীতে প্রধানমন্ত্রী মোডীৰ ৰাজ্য গুজৰাটত ১ কোটি ৬৫ লাখ টা অনুমোদনৰ বিপৰীতে সংস্থাপিত হৈছে মাত্র ১২%। ৰাজস্থানত ১ কোটি ৪৯ লাখ ৫২৭ টা অনুমোদিতৰ বিপৰীতে সংস্থাপন হৈছে মাত্র ৬%, উত্তৰ প্রদেশত ৩ কোটি ৯ লাখ ৭৮ হাজাৰ ২৮০ টা অনুমোদিত হোৱাৰ বিপৰীতে সংস্থাপিত হৈছে মাত্র ১৪%, মহাৰাষ্ট্ৰত ২ কোটি ৩৫ লাখ ৬৪ হাজাৰ ৭৪৭ টা অনুমোদিতৰ বিপৰীতে সংস্থাপিত হৈছে ১৮% স্মার্ট মিটাৰ আৰু পশ্চিমবংগত ২ কোটি ১২ লাখৰ বিপৰীতে স্মার্ট মিটাৰ সংস্থাপিত হৈছে মাত্র ২%। পশ্চিমবংগৰ চৰকাৰে জনতাৰ প্ৰতিবাদক সন্মান জনাই চৰকাৰী কাৰ্যালয়, কমাৰ্চিয়েল প্রতিষ্ঠান, মোবাইল টাৱাৰৰ বাহিৰে ঘৰুৱা গ্রাহকৰ ক্ষেত্ৰত প্রিপেইড স্মার্ট মিটাৰ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে। এপিডিচিএলেও ১৫ জুলাই তাৰিখে জীৱনধাৰা, ডমেচটিক (A) ত নতুনকৈ সংযোগ লোৱাসকলকৰ ক্ষেত্ৰত প'ষ্টপেইডডিজিটেল মিটাৰেবে বিদ্যুত যোগান দিয়া হ'ব বুলি এক জাননী জাৰি কৰাৰ পাছত এই সিদ্ধান্ত পুনৰ বাতিল কৰিলে বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সংবাদমেলত সংগঠনটোৱে উল্লেখ কৰে যে, এপিডিচিএলৰ ভিতৰুৱা সূত্ৰৰ তথ্য মতে এনেকুৱা কনভেনশনেল ডিজিটেল নতুন মিটাৰ প্ৰায় লাখৰ ওচৰা-ওচৰি সমগ্র অসমৰ বিভিন্ন উপ-সংমণ্ডলত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে। এই কনভেশ্বনেল একোটা মিটাৰৰ দাম মাথো ১,৪৮২ টকা। তাৰ বিপৰীতে একোটা স্মার্ট প্রিপেইড মিটাৰৰ দাম ৮,৬৭৫ টকা। এতিয়া জীৱনধাৰাৰ আৰু ঘৰুৱা (ক) শ্ৰেণীৰ গ্রাহকে এটা বিদ্যুৎ সংযোগ ডিজিটেল মিটাৰৰ দ্বাৰা সকলো খৰচ সহ ৩,৫০০ টকাত ল'ব পৰাৰ বিপৰীতে স্মার্ট প্রিপেইড মিটাৰসহ বিদ্যুৎ সংযোগত ভৰিব লাগিব ৯,৭৭৫ টকা। এনে জনবিৰোধী সিদ্ধান্ত অবিলম্বে প্রত্যাহাৰ কৰি এপিডিচিএলৰ ১৭ জুনৰ সিদ্ধান্ত মর্মে জীৱনধাৰা আৰু ঘৰুৱা শ্রেণীৰ গ্রাহকক অব্যবহৃত হৈ থকা ডিজিটেল মিটাৰৰ দ্বাৰা ৩,৫০০ টকীয়া বিদ্যুৎ সংযোগ দিয়াৰ বাবে মুখ্যমন্ত্রীক হস্তক্ষেপ কৰিবলৈ দাবী জনায় সংগঠনটোৰ নেতৃত্বই। 

ইফালে, স্মার্ট মিটাৰৰ কোম্পানী সন্দৰ্ভতো সৰৱ হয় সংগঠনটো। সংবাদমেলত সদৰি কৰে যে, "স্মার্ট মিটাৰ যোগান ধৰা কোম্পেনীসমূহ যেনে- এন ই স্মার্ট মিটাৰিং, আসাম স্মার্ট মিটাৰিং, হাই প্রিন্ট স্মার্ট মিটাবিং, আপৰাভা (Apraava) এনার্জি আৰু জেনাচ। ইয়াৰে আসাম স্মার্ট মিটাৰিং কোম্পানী পঞ্জীয়ন হৈছে ১ মে' ২০২৩ চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৰগাঁও হাৰিয়ানাত। এন ই স্মার্ট মিটাৰিং কোম্পানীৰ পঞ্জীয়নৰ তাৰিখ ১৬ জানুৱাৰী, ২০২৩ চন আৰু ইয়াৰ মুখ্য কার্যালয় আছে আদানি কর্প'ৰেট হাউচ, শান্তিগ্রাম, আহমেদাবাদ, গুজৰাটত। হাই প্রিন্ট স্মার্ট মিটাৰিং কোম্পেনী পঞ্জীয়নৰ তাৰিখ ২২ ডিচেম্বৰ ২০২২ আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে উত্তৰ প্ৰদেশা নয়দাত। ইয়াৰ পৰা প্রতীয়মান হয় যে অসমত স্মার্ট প্রিপেইড মিটাৰ যোগান ধৰাৰ বাবেই এই কোম্পেনীসমূহে জন্ম লৈছিল। আৰু হাজাৰ হাজাৰ কোটি টকাৰ স্মার্ট মিটাৰ যোগানৰ ঠিকা পাবলৈ সক্ষম হৈছিল। অথচ দশকৰ পাছত দশক জুৰি মিটাৰ যোগান আৰু নির্মাণ প্রক্রিয়াত জড়িত এল এণ্ড টি (L & T) আৰু ছিকিউৰ মিটাৰ (Secure Meters) আদি এই স্মার্ট মিটাৰ যোগান প্রক্ৰিয়াৰ পৰা দূৰৈত থকাটো ৰহস্যজনক। সমগ্র কথাখিনিলৈ লক্ষ্য কৰিলে স্পষ্ট হয় যে বিক্রেতা আৰু ক্রেতাৰ মাজত শকত অংকৰ কমিচনৰ লেনদেন হোৱাটো নিশ্চিত" বুলিও কৰে উল্লেখ। 

সংবাদমেলত লগতে কয় যে, "এপিডিচিএলৰ মুখ্য কাৰ্যালয় বিজুলী ভৱন এতিয়া দুর্নীতিৰ ভূ-স্বর্গলৈ পর্যবেশিত হৈছে। আমিও সামগ্রিকভাৱে এপিডিচিএলৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ ৰাজহুৱা কৰো যদিও মুষ্টিমেয় কেইজনমান বিষয়াইহে দুর্নীতিৰ এই ছিণ্ডিকেট বিজুলী ভৱনত চলাই আছে। বিদায় সভাৰ নামত বহু লাখ টকাৰ শৰাধ পতা এপিডিচিএলৰ বিদায় সভাত দুশ মানুহৰ বিপৰীতে বহু লাখ টকাৰ খৰচ, আঢ়ৈ লাখ টকাৰ সুৰা, এক প্লেট আহাৰৰ মূল্য ২,০০০ টকাকৈ খৰচ কৰা হৈছে।" ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰাৰ পাছতো এপিডিচিএলৰ এইসকল দুর্নীতিগ্রস্ত বৰমুৰীয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে গ্রহণ নকৰাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। 

"প্রায় ১৬,০০০ স্থায়ী আৰু অস্থায়ী কর্মচাৰীৰে গঠিত এই সংস্থাটোৰ সৰহ সংখ্যক কর্মচাৰীয়েই এই দুর্নীতিৰ বিষয়ে অৱগত আৰু বেদনাহত। শেহতীয়াকৈ ১২ টা ইউনিয়ন এছ'চিয়েচনে দুর্নীতিৰ ছিণ্ডিকেটটোৰ বিৰুদ্ধে সুনির্দিষ্ট অভিযোগ ৰাজহুৱাকৈ উত্থাপন কৰাৰ পাছতো কোনো শাস্তিমূলক অথবা বিভাগীয়া ব্যবস্থা লোৱাৰ পৰিৱৰ্তে এপিডিচিএল নির্বিকাৰ হৈ আছে। আটাইতকৈ লক্ষ্যণীয় কথাটো হ'ল- বিজুলী ভৱনৰ দুর্নীতিৰ কেন্দ্রবিন্দু এপিডিচিএলৰ এমডি ৰাকেশ কুমাৰ নিজেই" বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। 

কৃষক মুক্তি সংগ্ৰাম সমিতি