/asomiyapratidin/media/media_files/2025/01/03/DNbE0Zfk8il35cMQeu7H.jpg)
ডিজিটেল সংবাদ,গোলাঘাটঃ বৃহস্পতিবাৰে নিশা গোলাঘাটৰ মেৰাপানী চাউদাং পথাৰ ৰুপকলীয়া চুকত সংঘটিত হয় এক দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত পতিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া।
জানিব পৰা মতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই সাংঠনিক কাম কৰি চাউদাং পথাৰ ৰুপকলীয়া চুকৰ এটা বাসগৃহৰ পদুলিত ফোনযোগে কথা পাতি থকা অৱস্থাত এখন অচিনাক্ত মটৰ চাইকেল তেওঁক খুন্দিয়াই পলায়ন কৰে।
লগে লগে গুৰুতৰভাবে আহত বিদ্যুৎ শইকীয়াক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসাধীন কৃষক নেতা গৰাকীয়ে মুৰত আৰু মুখমণ্ডলত যথেষ্ট আঘাত পাইছে।
ইফালে এইয়া দুৰ্ঘটনা নে পৰিকল্পিত আক্ৰমণ আছিল সেইয়া স্পষ্ট হোৱা নাই যদিও এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।