/asomiyapratidin/media/media_files/2025/04/07/AlxCvEXG9IZn7RH0H4jM.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: দেশৰ প্ৰতিগৰাকী নাগৰিকৰ সাংবিধানিক প্ৰাপ্য অধিকাৰ আজুৰি অনাৰ দৃঢ় আৰু ঐক্যবদ্ধ সংকল্পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা জিলা সমিতিখন দেওবাৰে গঠন কৰা হয়। দুৰ্নীতি ,অনিয়ম,ভ্ৰষ্টাচাৰ ,অবিচাৰমুক্ত সমাজ গঢ়ি সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত কৃষক মুক্তিৰ সংঘবদ্ধ সংগ্ৰামৰ সহযোদ্ধা হবলৈ গঠন কৰা জিলা সমিতিৰ সভাপতি মণ্ডলীৰ দায়িত্ব প্ৰদান কৰা হয় ক্ৰমে প্ৰহ্লাদ গগৈ ,ৰোহিতেশ্বৰ চুতীয়া ,দুলেশ্বৰ গোঁহাইক।
সম্পাদক মণ্ডলীৰ দায়িত্ব প্ৰদান কৰা হয় ক্ৰমে অমৃত শইকীয়া, নিপুল গগৈ আৰু দিলীপ দাসক। দেওবাৰে দুপৰীয়া ঢকুৱাখনা নগৰৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভাত এই ৭১ জনীয়া শক্তিশালী ঢকুৱাখনা জিলা সমিতিখন গঠন কৰা হয়।
কৃষক মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ আৰু সাংগঠনিক সম্পাদক অজিত পেগু কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাবে প্রতিনিধি সভাত উপস্থিত থাকে। ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত ১৫খন আঞ্চলিক সমিতিৰ গৰিষ্ঠ সংখ্যক প্ৰতিনিধি উপস্থিত থকা প্ৰতিনিধি সভাত পূৰ্বৰ মহকুমা সমিতিৰ সাংগঠনিক অৱস্থিতি বাতিল কৰি নতুনকৈ ঢকুৱাখনা জিলা সমিতিৰ সাংগঠনিক স্বীকৃতি প্ৰদান কৰি প্ৰথমবাৰৰ বাবে ঢকুৱাখনা জিলা সমিতিখন গঠন কৰা হয়।
প্ৰতিনিধি সভাত উপস্থিত কেন্দ্ৰীয় সমিতিৰ শীর্ষ বিষয়ববীয়াদ্বয়ে নবগঠিত জিলা সমিতিখনৰ অন্তৰ্গত সাংগঠনিক ক্ষেত্ৰখনৰ প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰা, ঘৰুৱা অৰ্থনীতিৰ মেৰুদণ্ড মজবুত কৰাত অতুল্য অৱদান আগবঢ়াই অহা শ্ৰমজীৱি, চহা প্ৰাণ জনতাৰ স্বধীকাৰ প্ৰাপ্তি নিশ্চিত কৰা, ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত সংঘটিত অনিয়ম দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰীৰ বিৰুদ্ধে ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি জনদায়বদ্ধ ভূমিকা পালন কৰি যোৱাৰ পৰামৰ্শ আগবঢ়ায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us