/asomiyapratidin/media/media_files/2024/12/17/Zs0zW6FqEgBW2eqhsTEm.jpg)
ডিজিটেল ডেস্ক : বাকীসকল বাদ, কে এল ৰাহুল জিন্দাবাদ। এই উক্তি কোনেও প্ৰকাশ নকৰিলেও এতিয়া যেন ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে মনে- প্ৰাণে ভাবিছে ! সতীৰ্থসকলৰ ব্যৰ্থতাৰ ধাৰাবাহিকতা অক্ষুন্ন থকাৰ সময়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কে এল ৰাহুলে অৰ্জন কৰিছে সংগ্ৰামী অৰ্ধশতক।
/asomiyapratidin/media/media_files/2024/12/17/LAOrh089GiSeDC1jvVeH.jpg)
অষ্ট্ৰেলিয়াৰ মাটিত অনুষ্ঠিত ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টৰ আজি চতুৰ্থ দিন। ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই মেচখনত উজুটি খাইছে ভাৰতীয় বেটাৰসকলে। কেংগাৰু বাহিনীৰ বাৰুদসদৃশ পেচ বলিঙে খহাই নিছে ইটোৰ পাছত সিটো উইকেট।
এটা এটাকৈ উইকেটৰ পৰা বিদায় লৈছে ৰোহিত, জয়ছোৱাল, বিৰাট, ঋষভ, শুভমন গীলৰ দৰে ৰথী-মহাৰথীয়ে। গাব্বাৰ ২২ গজত অসহায় হৈ পৰিছে এইসকল বেটাৰ। কিন্তু তাৰ মাজতে স্ব-মহিমাৰে উজলি উঠিছে লোকেশ ৰাহুল। দলৰ কঠিন পৰিস্থিতি নিজ দায়িত্ব পালন কৰি কে এল ৰাহুলে সংগ্ৰহ কৰে ৮৪ ৰান।
/asomiyapratidin/media/media_files/2024/12/17/ZY1569NhrNDc4M9kwiXY.jpg)
তেওঁৰ এই সংগ্ৰামী ইনিংছটো ১৩৯ টা বলৰ মুখামুখি হৈ সজায়। অতি ধৈৰ্য আৰু সাহসেৰে দলৰ ভেটি গঢ়াত বিশেষ বৰঙণি যোগাই ৰাহুলে। অৱশ্যে তেওঁ মেচৰ চতুৰ্থ দিনৰ প্ৰথম সত্ৰত নাথান লিঅ’নৰ বলত ষ্টিভ স্মিথৰ হাতত কেচ দি বিদায় মাগে। হ’লেও দলৰ বিপৰ্যয়ৰ সময়ত তেওঁৰ এই ইনিংছটোৰ বাবে হয়তো সকলোৱে ভাবিছে- বাকীসকল বাদ, কে এল ৰাহুল জিন্দাবাদ !
উল্লেখযোগ্য যে বাতৰি লিখা পৰলৈকে ভাৰতে ৬টা উইকেটৰ বিনিয়মত ১৫৯ ৰানত বেটিং কৰি আছে। ক্ৰিজত আছে ৰবীন্দ্ৰ জাডেজা আৰু নিতীশ কুমাৰ ৰেড্ডী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us