/asomiyapratidin/media/media_files/2025/01/11/4uwBbpLhMch8qaYHzMj8.jpg)
KL Rahul will not play against England
ডিজিটেল ডেস্ক : ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সীমিত অ’ভাৰৰ দ্বিপাক্ষিক শৃংখলা। এই শৃংখলাত কে এল ৰাহুলে নেখেলে বুলি ব’ৰ্ডৰ এক সূত্ৰই সদৰী কৰিছে।
ঘৰৰ মাটিত ভাৰতে ৫খন টি-২০ আৰু ৩খন এদিনীয়া মেচ খেলিব। এই দুই শৃংখলাতে ৰাহুলে বিশ্ৰাম লোৱাৰ সম্ভাৱনা প্ৰবল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাত খেলা ৰাহুলে ইংলেণ্ডৰ বিৰুদ্ধে বগা বলৰ শৃংখলাত বিশ্ৰাম ল’ব বুলি সূত্ৰটোৱে সদৰী কৰে।
ইয়াৰ পাচতে আসন্ন চেম্পিয়নছ ট্ৰফীত কে এল ৰাহুলৰ অংশগ্ৰহণকৈ অনিশ্চিয়তাই দেখা দিছে। কিয়নো ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই জাতীয় নিৰ্বাচকে চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰিব।