Advertisment

যোৰহাটত ‘ক্ৰীড়াবন্ধু’ খেলুৱৈ সহযোগী বে-চৰকাৰী অনুষ্ঠানৰ জন্ম

প্ৰতিভাৱানক সাহস দি আগুৱাই যোৱাত সহায় কৰাৰ লক্ষ্যৰে যোৰহাটৰ কেইজনমান ক্ৰীড়া সংগঠক, ক্ৰীড়া সাংবাদিকৰ প্ৰচেষ্ঠাত দেওবাৰে যোৰহাটত জন্মলাভ কৰে খেলুৱৈক সহায় কৰিব পৰাকৈ ‘ক্ৰীড়াবন্ধু’ নামেৰে এটি ক্ৰীড়াৰ বে-চৰকাৰী সামাজিক অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
ক্ৰীড়াবন্ধু’ খেলুৱৈ সহযোগী বে-চৰকাৰী অনুষ্ঠান জন্ম

ক্ৰীড়াবন্ধু’ খেলুৱৈ সহযোগী বে-চৰকাৰী অনুষ্ঠান জন্ম

ডিজিটেল সংবাদ, যোৰহাট : খেলুৱৈসকলৰ বাবে এটি সুখবৰ। প্ৰাণ পাব আধাতে থমকি ৰোৱা সুপ্ত প্ৰতিভাই। প্ৰতিভাৱানক সাহস দি আগুৱাই যোৱাত সহায় কৰাৰ লক্ষ্যৰে যোৰহাটৰ কেইজনমান ক্ৰীড়া সংগঠক, ক্ৰীড়া সাংবাদিকৰ প্ৰচেষ্ঠাত দেওবাৰে যোৰহাটত জন্মলাভ কৰে খেলুৱৈক সহায় কৰিব পৰাকৈ ‘ক্ৰীড়াবন্ধু’ নামেৰে এটি ক্ৰীড়াৰ বে-চৰকাৰী সামাজিক অনুষ্ঠান।

Advertisment

আজি যোৰহাটৰ হোটেল জিৰণীৰ সভাগৃহত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত উপস্থিত ৰাইজৰ সৰ্বসন্মতি ক্ৰমে ২৯ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰি অনুষ্ঠানটি চিৰযুগমীয়া হোৱাৰ সকলোৱে আশা কৰে। বিশিষ্ট সমাজকৰ্মী পুলিন ফুকনৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ ৰাজহুৱা সভাত সঞ্চালকক সহযোগ কৰে বিশিষ্ট শৰীৰচৰ্চা বিদ তথা যোৰহাটৰ প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা আৰু যোৰহাট ছুইমিং ছ’চাইটিৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ হাজৰিকাই।

যোৰহাটৰ প্ৰতিটো খেল বিভাগৰ বিষয়ববীয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনতে অসম অলিম্পিক সংন্থাৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট জ্যেষ্ঠ ক্ৰীড়া সংগঠক ননী দত্তক মুখ্য উপদেষ্টাৰূপে লৈ বিশিষ্ট ক্ৰীড়া সংগঠক তথা লেখক মহেন্দ্ৰ দত্তক সভাপতি, সাংবাদিক অৰবিন্দ বৰাক সম্পাদক আৰু ক্ৰীড়া সাংবাদিক জিতুল কুমাৰ গগৈক কোষাধ্যক্ষ ৰূপে মনোনীত কৰি এখন ২৯ জনীয়া শক্তিশালী সমিতি গঠন কৰি দিয়ে। 

আজিৰ সভাৰ আৰম্ভনিতে সঞ্চালক পুলিন ফুকনে এগছি বন্তি প্ৰজ্বলনেৰে সভাখনি আৰম্ভ কৰাৰ পাছতেই কণমানি ছাত্ৰী নাং জাছিংফা শ্যাম গগৈয়ে এটি টাই প্ৰাৰ্থনা ‘আই ছিং লাউ’, গণেশ বন্দনা আৰু গায়েত্ৰী বন্দনা পৰিৱেশনৰ পাছতেই আৰম্ভ হয় ৰাজহুৱা সভাখন। ক্ৰীড়া সাংবাদিক জিতুল কুমাৰ গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

সভাত অৱসৰ প্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া গুণীন গগৈ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক নিৰ্মল চেতিয়া, অসম এথলেটিক সন্থাৰ উপ-সভাপতি কৰুনাধৰ দত্ত, যোৰহাট টাউন ক্লাবৰ কাৰ্যকৰী সভাপতি গৌতম বৰুৱা আৰু প্ৰাক্তন সম্পাদক দিগন্ত দত্ত, অসম টেবুল টেনিছ সন্থাৰ উপ-সভাপতি নয়ন জ্যোতি শৰ্মা, অসম বডিবিল্ডাৰ্ছ এচ’চিয়েচনৰ সভাপতি প্ৰশান্ত বৰা, অসম মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ সম্পাদক দীপক জ্যোতি বৰাই মত ব্যক্ত কৰে।

একেদৰে যোৰহাট জিলা দবা সন্থাৰ সাধাৰণ সম্পাদক মাধুৰ্য ভৰালী, অসম বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক দিগন্ত বুঢ়াগোহাঁই, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক তথা সাংবাদিক সঞ্জীৱ দত্ত, সাংবাদিক বিৰাজ বৰুৱা,সাংবাদিক দীপক মুক্তিয়াৰ, যোৰহাট জিলা টাইকোৱাণ্ডো সন্থাৰ প্ৰাক্তন সম্পাদক তথা প্ৰশিক্ষক অভিজিৎ দত্ত, অসম হেণ্ডবল সন্থা যুটীয়া সম্পাদক দেৱজিৎ বৰা, সমৰকলা প্ৰশিক্ষক বাসৱ ৰাজ নেওঁগ, বিশিষ্ট স্তম্ভ লেখক সঞ্জীত কুমাৰ বৰদলৈ, যোগ প্ৰশিক্ষক অঞ্জুমণি বৰা, মালা বৰুৱা, জীনা গগৈ, যুৱ ক্ৰীড়া সংগঠক ৰাকেশ কোঁৱৰৰ উপৰিও ভালে সংখ্যক ব্যক্তিয়ে অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত নিজৰ নিজৰ মতামত ব্যক্ত কৰে।

সভাত ফুটবল প্ৰশিক্ষক হেমিদুৰ ৰহমান (পাপু), যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ভলীবল বিভাগৰ সভাপতি চিৰঞ্জীত বৰা, ক্ৰীড়া সংগঠক ধ্ৰুৱ হাজৰিকা, বেদান্ত দত্ত, প্ৰণৱ বৰঠাকুৰ, জ্যেষ্ট খেলুৱৈ ধ্ৰুৱজিৎ গগৈ, বিশিষ্ট সমাজকৰ্মী ৰাজেন দত্তৰ প্ৰমুখ্যে অৰ্ধ শতাধিক ক্ৰীড়া সংগঠক, খেলুৱৈ উপস্থিতি থাকে। সভাখনৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই অৰবিন্দ বৰাই। উল্লেখ্য যে আজিৰ সভাতে ক্ৰীড়াবন্ধু অনুষ্ঠানটোলৈ স্ব-ইচ্চাৰে বিভিন্ন দিশৰ বহুকেইজন ব্যক্তিয়ে আৰ্থিক অনুদান আগবঢ়ায়।

যোৰহাট