কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত কিষাণ মেলা সম্পন্ন

পশ্চিম কাৰ্বি আংলং জিলাৰ  ৯ নং আমৰেং পৰিষদীয় সমষ্টি  এলেকাধীন জিৰিকিনদিঙত ব্লক উন্নয়ন খণ্ড অডিটৰিয়াম হলত দুদিনীয়া কাৰ্যসূচীৰে জিলা কৃষি বিভাগৰ সৌজন্যত কিষাণ মেলা অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত কিষাণ মেলা সম্পন্ন

কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত কিষাণ মেলা সম্পন্ন

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং স্বাযত্বশাসিত পৰিষদৰ কৃষি বিভাগৰ উদ্যোগত পশ্চিম কাৰ্বি আংলং জিলাৰ  ৯ নং আমৰেং পৰিষদীয় সমষ্টি  এলেকাধীন জিৰিকিনদিঙত ব্লক উন্নয়ন খণ্ড অডিটৰিয়াম হলত দুদিনীয়া কাৰ্যসূচীৰে জিলা কৃষি বিভাগৰ সৌজন্যত কিষাণ মেলা অনুষ্ঠিত কৰা হয় । পশ্চিম কাৰ্বি আংলঙৰ  জিৰিকিনদিঙত জিলা কৃষি বিভাগৰ  বিভিন্ন চৰকাৰী জনকল্যাণমুখী আঁচনি ৰূপায়নৰ উদ্দেশ্য খেতিয়ক ৰাইজক প্ৰশিক্ষণ প্ৰদান কৰে জিলা কৃষি বিভাগে ৷

Advertisment

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কিষান মেলাৰ দ্বাৰ মুকলি কৰাৰ লগতে  প্ৰশিক্ষণৰ কাৰ্যসূচী শুভৰাম্ভ কৰে স্থানীয় এমএচি তথা কাৰ্বি আংলং স্বাযত্ত শাসিত  পৰিষদৰ সমাজ কল্যাণ বিভাগৰ ইএম ৰীনা টেৰাংপীয়ে ।  চছেং উন্নয়ন খণ্ডৰ বি এল চি চিৰ অধ্যক্ষ প্ৰভেট তিছ', জিৰিকিনদিং নগৰ সমিতিৰ অধ্যক্ষ চিং টেৰাঙৰ লগতে জিলা কৃষি বিষয়া তপন দত্তকে ধৰি কেইবাগৰাকী সমল ব্যক্তি তথা ডিফু জনেল কৃষি বিভাগৰ বিষয়াসকলে জিলাখনত উদ্যান শস্যৰ খেতিৰ বিষয়ে  খেতিয়ক ৰাইজক প্ৰশিক্ষণ প্ৰদান কৰে ৷

তাৰোপৰি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। লগতে কৃষি বিভাগে যাতে সকলো খেতিয়ক ৰাইজে আঁচনিৰ বিষয়ে সঠিক গম পাই  তাৰ উদ্দেশ্য জিলা কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি জিলা কৃষি  বিষয়া  তপন দত্তই জানিবলৈ দিয়ে ৷

শেষত বিভাগীয় তৰফৰ পৰা  প্ৰশিক্ষণত  উপস্থিত থকা সকলো  খেতিয়কসকলক মানপত্ৰৰ লগতে কৃষি বিভাগৰ  তৰফৰ পৰা  কৃষিজাত সা -সৰঞ্জামসমূহৰ কৃষি  বিষয়া আৰু সমল ব্যক্তিসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ জিৰিকিনদিঙত অঞ্চলত এনেধৰণৰ কৃষি বিভাগৰ আঁচনিৰ বিষয়ে ৰাইজক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ বাবে বিভাগীয় উচ্চ পদস্থৰ লগতে চৰকাৰক উচ্চ প্ৰশংসা কৰে স্থানীয় ৰাইজে ।

কৃষি বিভাগ