কলিয়াবৰ দখলৰ দায়িত্ব কিৰেন ৰিজিজুৰ ! অটো চালকৰ ঘৰত ভাত খাই, ভঁড়ালী নামঘৰত আশীৰ্বাদ লৈ আৰম্ভ কৰিলে অভিযান....

দলীয় সভাত অংশগ্ৰহণ, ভোমোৰাগুৰীৰ দ্বিতীয়খন দলং পৰ্যবেক্ষণ....
KIREN RIJIJU
KIREN RIJIJU

ডিজিটেল ডেস্কঃ কলিয়াবৰ লাগে বিজেপিক। ২০২৪ ত অনুষ্ঠিত হ'ব দেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান। মাত্ৰ কেইটামন দিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীসকলক বিজেপিৰ শীৰ্ষ নেতাই নিৰ্বাচিত সমষ্টিলৈ পঠিয়াই সেই সমষ্টিসমূহত দলীয় স্থিতি সম্পৰ্কে প্ৰতিবেদন দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছিল।

এই দলংখনৰ দৈৰ্ঘ্য ৩.০৪ কিলোমিটাৰ। দলংখন নিৰ্মাণৰ বাবে ৪১৩ কোটি টকা ধাৰ্য কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দলংখনৰ নিৰ্মাণৰ কাম বুজ লৈ এই দলংখনে ৰাজ্যৰ যাতায়ত ব্যৱস্থালৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

সেই নিৰ্দেশৰ ভিত্তিতে অসমৰ কলিয়াবৰ আৰু নগাওঁ লোকসভা সমষ্টিত উপস্থিত হৈছিল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী। দুয়োজন মন্ত্ৰীয়ে সমষ্টি দুটা পৰিদৰ্শন কৰি, দলীয় সতীৰ্থ আৰু আন আন লোকৰ সৈতে মতবিনিময় কৰি দিল্লীত অনুষ্ঠিত দলীয় বৈঠকত সমষ্টি দুটাৰ ওপৰত প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিছিল।

সেই প্ৰতিবেদনৰ ভিত্তিতেই কলিয়াবৰ সমষ্টি বিজেপিৰ দখললৈ নিবৰ বাবে সমষ্টিটোৰ দায়িত্ব অৰ্পণ কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক। উল্লেখ্য যে কলিয়াবৰ সমষ্টি বৰ্তমান আছে কংগ্ৰেছৰ দখলত। গৌৰৱ গগৈ এই সমষ্টিৰ বৰ্তমানৰ সাংসদ।

এই গৌৰৱ গগৈয়েই সদনত বিজেপিক বহু সময়ত বিপদত পেলাই আহিছে। কংগ্ৰেছৰ যি কেইজন নেতাই সংসদত বলিষ্ঠ ভূমিকা পালন কৰে, সকলো বিতৰ্কতে অংশগ্ৰহণ কৰে সেইসকল সাংসদৰ ভিতৰত গৌৰৱ গগৈ অন্যতম। বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাক চেৰাই তেওঁ বিৰোধীৰ আসনৰ সন্মুখ ভাগত ৰাহুল গান্ধীৰ কাষত বহে। সেয়ে কলিয়াবৰ নিজৰ দখললৈ নিবলৈ সকলো প্ৰচেষ্টা লৈছে বিজেপিয়ে।

সেই অনুসৰিয়েই কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি ভোমোৰাগুৰিৰ নিৰ্মীয়মাণ দ্বিতীয়খন দলং পৰিদৰ্শন কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীৰে কলিয়াবৰত উপস্থিত হয়। ২০১৪ চনৰ ২৯ নৱেম্বৰত আধাৰশিলা স্থাপন কৰা ভোমোৰাগুৰিৰ দ্বিতীয়খন দলঙ শীঘ্ৰেই সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হ'ব।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকী আন আন দলীয় সতীৰ্থৰ সৈতে উপস্থিত হয় ঐতিহাসিক ভড়ালী নামঘৰত। নামঘৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ভকত, বৈষ্ণৱৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু মন্ত্ৰীগৰাকী প্ৰথমবাৰৰ বাবে ঐতিহ্যমণ্ডিত নামঘৰটোত উপস্থিত হোৱাৰ বাবে তেওঁক পৰিচালনা সমিতিয়ে আদৰণি জনাই।

ইফালে আজিৰ দিনটোৰ এই ভ্ৰমণৰ মাজতে মন্ত্ৰীগৰাকীয়ে জখলবন্ধাৰ ঢেকীয়াল গাঁৱৰ ৰাজকুমাৰ হাজৰিকা নামৰ এজন অটোচালকৰ ঘৰত দিনৰ আহাৰ গ্ৰহণ কৰে। ৰহৰ দালি, কচু, কলডিল, মাছ, মুৰ্গী মাংস, খাহী ছাগলীৰ মঙহৰে দিনৰ আহাৰ গ্ৰহণ কৰি মন্ত্ৰীগৰাকী আপ্লুত হৈ পৰে।

ইফালে এই ভ্ৰমণৰ মাজতে তেওঁ দলীয় কৰ্মী, জিলা পৰিষদ, পঞ্চায়ত প্ৰতিনিধি আদিৰ লগত এক দলীয় বৈঠকতো অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলীয় কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে তেওঁ নিজৰ ভাষণত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্যও কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in