আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ অসন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ক লৈ...

author-image
Asomiya Pratidin
New Update
আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ অসন্তুষ্টি প্ৰকাশ উচ্চতম ন্যায়ালয়ক লৈ...

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়াকলৈ অসন্তুষ্টি প্ৰকাশ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ সৰৱ হৈ উঠা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পুনৰ অসন্তুষ্টি প্ৰকাশ কৰে উত্তৰসূৰীৰ হাতলৈ ন্যায়াধীশৰ পদবী হস্তান্তৰ কৰা ব্যৱস্থাটোৰ ।

Advertisment

এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, দেশৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত তেখেতৰ আস্থা আছে যদিও উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ বিশেষকৈ মুখ্য ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ সৈতে জড়িত উত্তৰসূৰীৰ হাতলৈ পদবী স্থানান্তৰ কৰা প্ৰক্ৰিয়াটোক অস্বচ্ছ আখ্যা দিয়ে মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, এনে কৰাৰ ফলত বহু যোগ্য ব্যক্তিয়ে আশাহত হ'ব লগীয়া হৈছিল পূৰ্বতেও । কিয়নো, উচ্চ ন্যায়ালয় অথবা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত পীঠে কেৱল চিনাকী ব্যক্তিকহে নিযুক্তি দিয়ে ন্যায়াধীশৰ পদত ।

আনহাতে, মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, কোনো দেশৰেই ন্যায় ব্যৱস্থা ক্ৰূটিহীন নহয়, সকলোৰে নিজা নিজা সমস্যা আছে । কিন্তু এই সমস্যাবোৰৰ উৰ্দ্ধত আহিব পাৰিলেহে সফল হ'ব ন্যায় আৰু আইনী প্ৰক্ৰিয়াটো । তেনেস্থলত, অতি শীঘ্ৰেই উত্তৰসূৰীৰ হাতত পদৱী ন্যস্ত কৰা অভ্যাসটো এৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

KIREN RIJIJU supreme court law ministry