বঢ়মপুৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু...

অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে কংগ্ৰেছে একোৱেই নকৰিলেঃ মন্ত্ৰী কিৰেণ ৰিজিজু
বঢ়মপুৰত মন্ত্ৰী ৰিজিজু
বঢ়মপুৰত মন্ত্ৰী ৰিজিজু

ডিজিটেল সংবাদ, নগাওঁঃ "আমাৰ দেশে স্বাধীনতাৰ ১০০ বছৰ পূৰ হোৱাৰ সময়ৰ ভিতৰত দেশক এখন উন্নত ৰাষ্ট্ৰীয় লৈ ৰূপান্তৰিত কৰাৰ সংকল্প গ্ৰহণ কৰিছে বি জে পিয়ে। ইয়াৰ বাবে সকলোৱে মিলিজুলি কাম কৰিব লাগিব। এই সংকল্প লৈ আমি কাম কৰি আছোঁ।" এই মন্তব্য কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ।

দুদিনীয়া কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে মঙ্গলবাৰে পুৱাই বঢ়মপুৰৰ ভেৰভেৰিস্থিত মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ সেৱা আগবঢ়ায়। মন্দিৰত ধূপ - দীপ - নৈবদ্য আগবঢ়োৱাৰ পিছত স্বাধীনতা সংগ্ৰামী ছহিদ ভোগেশ্বৰী ফুকননীৰ পৰিয়ালৰ বাসগৃহলৈ গৈ তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ লগত মত বিনিময় কৰে।

ইয়াৰ পিছত মন্ত্ৰী গৰাকী বঢ়মপুৰৰ ছহিদ উদ্যানত উপস্থিত হৈ ৪ স্বাধীনতা সংগ্ৰামী ছহিদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছত মন্ত্ৰী গৰাকীয়ে বি জে পিৰ এক কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। মন্ত্ৰী গৰাকীয়ে দলীয় কৰ্মকৰ্তা সকলক উদ্দ্যেশি কয় যে, সমাগত লোকসভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই দলীয় নেতা কৰ্মী সকলে দলীয় কাম কাজ আগুৱাই নিব লাগিব। এইবাৰ নগাওঁ সংসদীয় সমষ্টিত বি জে পিয়ে নিশ্চিতভাৱে দখল কৰিব বুলি মন্তব্য কৰি তেওঁ কয়, এইবাৰ অসমত পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি লোকসভা নিৰ্বাচনত বি জে পিয়ে অভিলেখ সংখ্যক আসন দখল কৰিব।

অন্যহাতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি কয়, দীৰ্ঘদিন ধৰি কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ পিছতো আমাৰ সীমা সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। বহু ধন জনৰ ক্ষতি হ'ল। অৰুণাচল আৰু অসম একেই আছে। কোনো পাৰ্থক্য নাই। মিলিজুলি থাকিব লাগে।

তেওঁ লগতে কয় যে, সীমা সমস্যা সমাধান নহ'লে ভুল বুজা বুজি চলি থাকে। এই ক্ষেত্ৰত কংগ্ৰেছ দলে একোৱেই নকৰিলে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয়, এতিয়া অসম আৰু অৰুণাচলৰ সীমা সমস্যা কম সময়ৰ ভিতৰত সমাধানৰ পথ মুকলি হৈছে। বি জে পি চৰকাৰ অহাৰ পিছত এই সীমা সমস্যা সমাধানৰ বাবে ক্ষীপ্রতাৰে কাম কৰি থকা হৈছে। শান্তি পূৰ্ণভাৱে সকলো কাম আগবাঢ়ি আছে। ২০২৪ চনৰ ভিতৰত অসম অৰুণাচলৰ সীমা সমস্যা সমাধান হ'ব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো ময়ো বিচাৰোঁ। ইংৰাজী ভাষা সমগ্ৰ বিশ্বতে চলে। ইংৰাজী জনাটো ভাল কথা। কিন্তু স্থানীয় ভাষাক প্ৰাধান্য দিব লাগিব। আমি এতিয়া উচ্চ আৰু নিম্ম আদালতত স্থানীয় ভাষা প্ৰচলন কৰিব লাগে বুলি কৈছোঁ। উচ্চতম ন্যায়ালয়তো হিন্দী-আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিম বুলি মন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা , জিতু গোস্বামী , বি জে পিৰ নগাঁৱৰ সভাপতি অভিজিৎ নাথ , ৰাজ্যিক বিজেপি নেতা দীপ্লু ৰঞ্জন শৰ্মা আদি উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in