/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2b317adc-b1f6-43ff-9f97-418f7d1dbe03/kiran.jpg)
kiran rijiju
ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত আঠু ল'লে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। শুকুৰবাৰে কলিয়াভোমোৰাৰ নৱ নিৰ্মিত দলং পৰিদৰ্শন কৰি আহি কলিয়াবৰৰ ভৰালী নামঘৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
যিকোনো কাম কৰাৰ আগত নামঘৰ-মন্দিৰ দৰ্শন কৰাটো ভাল বুলি কয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ, নগাঁও আৰু বৰপেটা সমষ্টিক উদ্ধাৰ কৰাৰ বাবেও পৰিকল্পিত ভাৱে আগবঢ়াৰ কথা ঘোষণা কৰে মন্ত্ৰী কিৰেণ ৰিজিজুৱে। শুকুৰবাৰে ভৰালী নামঘৰত আঠু লৈ আগন্তুক সময়ৰ বাবে আশীৰ্বাদ লয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ কামাখ্যা তাছায়ো ।
ইয়াৰ পিছতে কলিয়াবৰৰ জখলাবন্ধাত বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহন কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ সভাত ভাষন প্ৰসংগত তেঁও কয়--আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ, নগাঁও আৰু বৰপেটা সমষ্টিত ৰাইজে বিজেপি প্ৰাৰ্থী বিচাৰিছে। বিজেপি সাংসদ নহ'লে উন্নয়ন সম্ভৱ নহয়।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰতো আগন্তুক নিৰ্বাচনত কলিয়াবৰ, নগাঁও আৰু বৰপেটাত বিজেপিৰ নিজা প্ৰাৰ্থী ঠিয় কৰোৱাৰ ইংগিত প্ৰদান কৰে সমষ্টি তিনিটাৰ দায়িত্বতত থকা মন্ত্ৰী গৰাকীয়ে। পূৰ্বতে দলৰ ভুল হৈছিল, এইবাৰ সেই ভুল নহয় বুলি সাংবাদিকৰ আগত দাবী কৰে কিৰেণ ৰিজিজুৱে।
মন্ত্ৰী ৰিজিজুৱে লগতে কয়, ’নৰেন্দ্ৰ মোডী বিশ্বৰে ভাল লিডাৰ৷ এনে ভাল লিডিৰশ্বিপ থাকোতে আমি কলিয়াবৰ লোকসভা আসনখন নাহাৰো৷ কিছুমান কাম সাংসদেহে কৰিব পাৰে৷ আনে নোৱাৰে৷ সেইবাবেই ইয়াত বিজেপিৰ সাংসদ লাগে৷ গৌৰৱ গগৈয়ে সেইখিনি নোৱাৰে৷ এইবাৰ নগাঁও, কলিয়াবৰ, বৰপেটা বিজেপিয়ে দখল কৰিব।