Advertisment

ট্ৰাম্পৰ গতি বিধি আমি ভাল দেখা নাইঃ উত্তৰ কোৰিয়াৰ শাসক কিম জং ওনৰ ভগ্নীৰ সকিয়নী...

দ্বিতীয় বাৰৰ বাবে আমেৰিকাৰ শাসনভাৰ লোৱাৰ পিছতো ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰতিৰক্ষা বিষয়ক বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত সমূহক লৈ বিশ্বৰ বহুদেশ এতিয়া নাৰাজ।

author-image
Asomiya Pratidin
New Update
jjjkl
ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰৰ বাবে আমেৰিকাৰ শাসনভাৰ লোৱাৰ পিছতো ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰতিৰক্ষা বিষয়ক বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত সমূহক লৈ বিশ্বৰ বহুদেশ এতিয়া নাৰাজ। শেহতীয়াকৈ প্ৰতিৰক্ষা বিষয়ক এনে কিছু সিদ্ধান্তৰ বাবে ট্ৰাম্পক সকিয়নী প্ৰদান কৰিছে উত্তৰ কোৰিয়াৰ শাসক কিম জং ওনৰ ভগ্নী কিম য়' জঙে।
Advertisment
কিম য়' জঙে ট্ৰাম্পক সকিয়নী প্ৰদান কৰি কয় যে, আমাক জোকাই নলব। যদিহে লয় তেন্তে তাৰ উচিত প্ৰত্যুত্তৰ পাব। দৰাচলতে আমেৰিকাই শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ পৰমাণু বোমা পৰীক্ষণক লৈ কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ কোৰিয়াই অভিযোগ উত্থাপন কৰিছে যে, আমেৰিকাই তেওঁলোকৰ পৰমাণু বোমা পৰীক্ষণক লৈ চোৰাংচোৱাগিৰি কৰি আছে। যাৰ বাবে বিগত বহু দিনৰ পৰা দক্ষিণ কোৰিয়াৰ আকাশত বিনা অনুমতি দেখা গৈছে আমেৰিকাৰ যুদ্ধ জাহাজ।

ট্ৰাম্পৰ এনে চোৰাংচোৱাগিৰিক লৈ জাঙুৰ খাই উঠিছে উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়াৰ শাসক কিম জং ওনৰ ভগ্নী কিম য়' জঙে আমেৰিকাক এই কাৰ্যক লৈ কয় যে, যেতিয়াৰে পৰা আমেৰিকাত নতুন চৰকাৰে শপত লৈছে, তেতিয়াৰে পৰা ৰাজনৈতিক আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় ভিন্ন দিশত উত্তৰ কোৰিয়াক উচতাবলৈ চেষ্টা কৰা হৈছে। আমি এই গতিবিধি লক্ষ্য কৰি আছো। এনে হৈ থাকিলে পূৰ্বৰ চৰকাৰৰ দিনত শান্তিপূৰ্ণ নীতি খৰ্ব কৰিবলৈ বেছি পৰ নালাগিব বুলি সকিয়নী প্ৰদান কৰে কিম য়' জঙে। 

 

 

ড'নাল্ড ট্ৰাম্প