পশ্চিমবঙ্গৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ গুলীত নিহত দুই বাংলাদেশী...

গৰু সৰবৰাহ কৰি থাকোতে বি এছ এফে দিছিল বাধা

author-image
Asomiya Pratidin
New Update
পশ্চিমবঙ্গৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ গুলীত নিহত দুই বাংলাদেশী...

বি এছ এফ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অসমকে ধৰি চুবুৰীয়া ৰাজ্য পশ্চিম বঙ্গৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়। বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত চুবুৰীয়া ৰাজ্যখনৰ কোচবিহাৰ জিলাৰ সিতাই থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কৈমাৰী বি এছ এফ কেম্প এলেকাত বি এছ এফৰ গুলীত দুটাকৈ বাংলাদেশী গৰু সৰবৰাহকাৰী নিহত হয়।

Advertisment

বি এছ এফ সূত্ৰই প্ৰকাশ কৰা তথ্য মতে, ৭৫ নং বি এন বি এছ এফে সীমান্তত টহল দি থকা অৱস্থাত কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰৰ পৰা প্ৰায় ১৫-২০ জনীয়া গৰু সৰবৰাহকাৰী দল এটা সীমান্তত আহি উপস্থিত হয়। একেদৰে ভাৰতৰ দিশৰ পৰা প্ৰায় ১০-১২ জনীয়া সৰবৰাহকাৰীৰ দল এটা সীমান্তত আহি উপস্থিত হয়। বাঁহৰ ঢেকীৰ জৰিয়তে ভাৰতৰ দিশৰ পৰা বাংলাদেশৰ ফালে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি গৰু সৰবৰাহ কৰিবলৈ ধৰাত বি এছ এফে বাধা প্ৰদান কৰে । এনে সময়ত এটা গৰু কাইটীয়া তাঁৰৰ বেৰৰ ওপৰত লাগি মৃত্যু হয়। বি এছ এফে বাধা দিয়াৰ লগে লগে ভাৰতৰ দিশত থকা সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে যদিও বাংলাদেশী সৰবৰাহকাৰী দলটো কাঁইটীয়া তাঁৰৰ সিপাৰৰ পৰা কৰ্তব্যৰত বি এছ এফক শিলগুটি তথা বিভিন্ন প্ৰকাৰে আক্ৰমণ কৰিবলৈ ধৰে।

ঘটনাৰ ফলত বি এছ এফ জোৱান এজন আহত হৈ নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আহত অৱস্থাত জোৱানজন সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চালনা কৰে। বি এছ এফৰ এই গুলী চালনাত দুটাকৈ বাংলাদেশী গৰু সৰবৰাহকাৰী নিহত হয়।

ফলত সৰবৰাহকাৰীৰ দলটো সীমান্তৰ পৰা মৃতদেহ দুটা লৈ আঁতৰি যায়। এই ঘটনাৰ পাছত বি এছ এফৰ শীৰ্ষ বিষয়া সীমান্তত উপস্থিত হৈ পৰিস্থিতৰ বুজ লয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কুকুৰমাৰা বি এছ এফ কেম্প এলেকাতো কিছুদিন পূৰ্বে বি এছ এফৰ গুলীত এটা বাংলাদেশী গৰু সৰবৰাহকাৰী মৃত্যু মুখত পৰিছিল। বি এছ এফে মৃতদেহটি উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়াৰ পাছত সৰবৰাহকাৰীটোৰ মৃতদেহ বাংলাদেশত চমজাই দিয়াৰ বাবে আৰক্ষী-বিএছএফে বাংলাদেশ চৰকাৰৰ সৈতে আলোচনা কৰিছিল যদিও যুৱকজন বাংলাদেশৰ নহয় বুলি দাবী কৰাত খাৰুৱাবান্ধা আৰক্ষীয়ে মৃতদেহটি হাটশিঙিমাৰীস্থ দাফাদাৰপাৰা কবৰস্থানত কবৰস্থ কৰে।

এনেদৰে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত কেবাটাও গৰু সৰবৰাহকাৰী মৃত্যু মুখত পৰিছে। ইমানৰ পাছতো দুয়োখন ৰাজ্যৰ সীমান্তৰ মাজেৰে গৰুৰ চোৰাং কাৰবাৰ ভয়াৱহভাৱে চলিয়েই আছে।

BSF INDIA-BANGLADESH BOEDER south salamara