/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3c052a1c-bcc4-43ff-b4b3-c9dfaecfaa47/AP_FOR_WEB_siddharth_and_kiara.jpg)
ডিজিটেল ডেস্ক: প্ৰেম আৰু বিবাহক কেন্দ্ৰ কৰি প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউড।এতিয়া এখন বিশেষ বিয়াৰ খবৰক লৈ শিৰোমানত আছে ‘বি টাউন’।খবৰ অনুসৰি, অতি শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ’ব সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী।
বলীউডৰ অতি জনপ্ৰিয় যুটীৰ অন্যতম সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী।দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে তেওঁলোকৰ সম্পৰ্কৰ কথা কৰণ জহৰৰ ‘চেট শ্ব' ‘কফি উইথ কৰণ-৭’ত আওপকীয়াকৈ স্বীকাৰ কৰিছিল। শ্বেৰছাহ শীৰ্ষক ছবিখনৰ শ্বুটিঙৰ সময়ত দুয়োগৰাকী প্ৰেমৰ বান্ধোনত বান্ধ খাই পৰিছিল।তাৰ পাছৰে পৰাই কিয়াৰা-সিদ্ধাৰ্থক যি কোনো অনুষ্ঠান তথা পাৰ্টী আদিত প্ৰায়ে একেলগে দেখা পোৱা যায়।
শেহতীয়াকৈ ওলোৱা এক খবৰ অনুসৰি, জনপ্ৰিয় এই যুটীটোৱে তেওঁলোকৰ সম্পৰ্কক এক নতুন নাম দিবলৈ প্ৰস্তুতি চলাইছে।হয়, কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই আগন্তুক বৰ্ষৰ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে।
অভিনেত্ৰীগৰাকীয়ে ছছিয়েল মেডিয়াত ‘শ্বেয়াৰ’ কৰা এটা বিশেষ ‘প’ষ্ট’ৰ পাছতেই চৌদিশে দুয়োৰে বিয়াৰ খবৰ বিয়পি পৰিছে।কিয়াৰাই ‘ইয়াক বেছি দিন গোপনে ৰাখিব নোৱাৰি ! সোনকালে আহিব।’ বুলি ছ’ছিয়েল মেডিয়াত উল্লেখ কৰাৰ পৰাই এই সকলো চৰ্চা আৰম্ভ হৈ পৰে। যিয়ে, অনুৰাগীৰ উৎসুকতা দুগুণে বৃদ্ধি কৰিছে।অৱশ্যে এই বিষয়ে বৰ্তমানেও কোনো স্পষ্টতা প্ৰকাশ কৰা সিদ্ধাৰ্থ আৰু কিয়াৰাই।
Also Read: আহি আছে অসমীয়া ছবি 'ইশ্বৰ', দেখা যাব প্ৰয়াত অভিনেতা নিপন গোস্বামীকো...
উল্লেখ্য,২০১৪ চনত ‘ফগলী’ ছবিৰ জৰিয়তে কিয়াৰাই বলীউডত প্ৰৱেশ কৰি দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।অভিনয় দক্ষতাৰ বাবে ইতিমধ্যে বহু সণ্মান নিজৰ নাম কৰা কিয়াৰাক অতি শীঘ্ৰেই ‘গোবিন্দ নাম মেৰা’ নামৰ কমেডী ছবিখনত দৰ্শকে দেখিবলৈ পাব।অভিনেত্ৰীগৰাকী সম্প্ৰতি ‘সত্যপ্ৰেম কি কথা’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে।আনহাতে, সিদ্ধাৰ্থ মালহোত্ৰাক ৰোমাণ্টিক থ্ৰিলাৰ ‘মিছন মজনু’ত দৰ্শকে দেখিবলৈ পাব।তেওঁ বৰ্তমান একশ্যন থ্ৰীলাৰ ‘যোধা’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে।