অফলাত মিচিং বোলছবি “হিনেমাং” ৰ মহুৰত অনুষ্ঠিত...

মিচিং জনগোষ্ঠীক সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত এই বোলছবিখনে বিশেষ গুৰুত্ব প্ৰদান কৰিব । বিগ বাজেটৰ মিচিং চিনেমাখনক লৈ যথেষ্ট আশাবাদী প্ৰযোজক-পৰিচালক তথা কলা-কুশলী ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বোকাখাতঃ  বোকাখাত সমষ্টিৰ মহুৰামুখৰ অফলাত মিচিং বোলছবিৰ মহুৰত অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে অতি ভিতৰুৱা অঞ্চলত আৰম্ভ কৰিছে মিচিং বোলছবিৰ দৃশ্য গ্ৰহণৰ কাম। টেলেন্ট ষ্টুডিঅ'ৰ প্ৰযোজনাত দ্বিতীয় খন মিচিং বোলছবি হিনেমাং(A Mirror Of Life)ৰ শুভ মহুৰত উপলক্ষে ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

Advertisment

উল্লেখ্য যে, মিচিং জনগোষ্ঠীক সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত এই বোলছবিখনেৃ বিশেষ গুৰুত্ব প্ৰদান কৰিব । বিগ বাজেটৰ মিচিং চিনেমাখনক লৈ যথেষ্ট আশাবাদী প্ৰযোজক-পৰিচালক তথা কলা-কুশলী ।

আধ্যাত্মিক ৰীতি-নীতিৰ মাজেৰে সম্পন্ন হয় শুভ মহুৰত। অসমৰ বিভিন্ন প্ৰান্তৰ মিচিং শিল্পী সকলৰ আগমন ঘটিছে অফলা গাঁৱলৈ । মিচিং চিনেমাখনৰ দৃশ্যগ্ৰহণ হোৱাক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত। 

বোকাখাট মিচিং ভাষা