শ্ৰীশ্ৰী বাদুলী থানত খোৰোং মেলাৰ আয়োজন...

নগাঁৱৰ কন্দলী পাহাৰৰ দাঁতিত প্ৰতি বছৰে ধৰ্মীয় বিশ্বাসৰ আধাৰতে শ্ৰী শ্ৰী বাদুলী খোৰোং মেলা চাৰি দিনীয়াকৈ অনুষ্ঠিত কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
শ্ৰীশ্ৰী বাদুলী থানত খোৰোং মেলাৰ আয়োজন

শ্ৰীশ্ৰী বাদুলী থানত খোৰোং মেলাৰ আয়োজন

ডিজিটেল সংবাদ, কামপুৰ : নগাঁৱৰ কন্দলী পাহাৰৰ দাঁতিত প্ৰতি বছৰে ধৰ্মীয় বিশ্বাসৰ আধাৰতে শ্ৰী শ্ৰী বাদুলী খোৰোং মেলা চাৰি দিনীয়াকৈ অনুষ্ঠিত কৰি আহিছে। জন বিশ্বাস মতে প্ৰাক শংকৰী যুগত প্ৰমিলা নামৰ এগৰাকী নাৰীৰ ৰাজ্য আছিল। কন্দলী পাহাৰৰ দাঁতিত ৰাজ্যখনত সকলো পুৰুষ প্ৰৱেশ কৰা কঠোৰ নিৰ্দেশনা আছিল।

এবাৰ এজন ঋষিয়ে কৌতূহল নিৰ্বাপিত কৰাৰ বাবে নাৰীৰ ছদ্ম বেশেৰে প্ৰমিলা ৰাজ্যত প্ৰৱেশ কৰাত ৰাণীৰ গুপ্তচৰ ঋষিক বন্দী কৰি ৰাণীৰ দৰবাৰত নিয়াত শাস্তি স্বৰূপে ঋষিক দুই ভৰিত বান্ধি গুহাৰ শিলত ওভোটাই ওলমাই থোৱাত ঋষিয়ে অগ্নি শৰ্মা হৈ ৰাণীসহিতে সকলো নাৰী সৈন্যক বাদুলী হৈ শিলত ওলমি থাকিবলৈ অভিশাপ দিয়ে।

সেয়ে আজিও কন্দলী পাহাৰত থকা অন্ধকাৰ খোৰোংটোত হাজাৰ বিজাৰ বাদুলী ওলমি থকা দেখিবলৈ পোৱা যায়। সেই অঞ্চলৰ বাসিন্দাসকলে নিশা পাহাৰৰ খোৰোংটোৰ পৰা নাৰীৰ কণ্ঠৰ কান্দোনৰ ৰোল শুনিবলৈ পায়। সেয়ে অভিশপ্ত নাৰীসকলৰ মুক্তিৰ বাবে অঞ্চলৰ ৰাইজে প্ৰতিবছৰৰ শিৱৰাত্ৰিৰ পিছৰ দিনটোৰ পৰা তিনিদিনীয়াকৈ অভিশপ্ত নাৰীসকলৰ পাপ মোচনৰ কাৰণে নেদেখা জনক প্ৰাৰ্থনা জনাই আহিছে ।

এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে অধিক পৰিকল্পিতভাৱে থান পৰিচালনা সমিতিয়ে মেলাখনৰ আয়োজন কৰিছে। মেলা উদযাপন সমিতিৰ সভাপতি তথা তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ আৰু সম্পাদক উজ্জ্বল বৰদলৈয়ে জানিবলৈ দিয়ে যে ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মেলাৰ ব্যাপক প্ৰস্তুতি চলোৱাৰ লগতে বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।

কাৰ্যসূচী অনুসৰি ২৮ ফেব্ৰুৱাৰী ২০২৫ শুক্ৰবাৰে পুৱা  পতাকা উত্তোলন কৰে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে ।  বাদুলী খোৰোঙৰ দ্বাৰ উন্মোচন কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই। চাৰি দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

kampur