/asomiyapratidin/media/media_files/2025/03/02/S8I3o4n9IEHFJWiFAKjr.jpg)
শ্ৰীশ্ৰী বাদুলী থানত খোৰোং মেলা
ডিজিটেল সংবাদ, কামপুৰ : ৰূপলী জয়ন্তুী বৰ্ষত ভৰি দিয়া নগাঁও জিলাৰ কন্দলী পাহাৰত অনুষ্ঠিত হৈ থকা বাদুলী খোৰোং মেলাৰ আজি তৃতীয় দিন। যোৱা শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হোৱা এই মেলাতস্থলীত দেওবাৰৰ দিনটোত অসমৰ বিভিন্ন স্থানৰ পৰা বহুলোকৰ আগমন হোৱাত লোকে-লোকাৰণ্য হৈ পৰে।
ইফালে আজিৰ দিনটোতে এই ঐতিহাসিক ঠাইখনৰ উন্নয়ন বাবে কেইটাও বৃহৎ আঁচনিৰ কথা ঘোষণা কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোঁৱৰে। উল্লেখ্য যে তিৱা স্বায়ত্ব পৰিষদৰ জৰিয়তে ২০ লাখ টকা ব্যয় সাপেক্ষে এটা সভা নিৰ্মানৰ কথা ঘোষণা কৰাৰ লগতে বিধায়ক গোস্বামীয়ে ইয়াত দীৰ্ঘ্যদিন ভুক্তভোগী হৈ অহা খোৱাপানী আৰু বিদ্যুৎৰ সমস্যা এটা বৰ্ষৰ ভিতৰত সমাধান কৰাৰ আশ্বাস দিয়ে।
এই উপলক্ষে অনুষ্ঠিত এখন সভাত বিধায়ক জিতু গোস্বামী আৰু তিৱা স্বায়ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহীগৰাকীয়ে বাদুলী খোৰোঙক মধ্য অসমৰ পৰা বিশ্ব মানচিত্ৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি জানিব দিয়ে । তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰনৱ জ্যোতি মছৰং, সদস্যদ্বয় ইন্দ্ৰ বৰদলৈ আৰু কমল বৰদলৈ উপস্থিত থকা সভাখনৰ আঁত ধৰে সম্পাদক উজ্বল বৰদলৈয়ে।
উল্লেখ্য যে জনশ্ৰুতি আৰু ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি ২০০১ চনৰ পৰা নগাঁও জিলাৰ কন্দলী পাহাৰত অনুষ্ঠিত কৰি অহা বাদুলীমেলা আৰু পূজাত প্ৰতিবছৰে বহুলোকৰ সমাগম ঘটে। এইবেলি ৰূপলী জয়ন্তী বৰ্ষত ভৰি দিয়া বাদুলী খোৰোং মেলা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰি আহিছে।
উল্লেখযোগ্য যে মেলাৰ লগত সংগতি ৰাখি বিভিন্ন জাতি- জনগোষ্ঠিৰ নৃত্য গীত প্ৰদৰ্শন কৰা হৈছে। সোমবাৰৰ অন্তিম দিনটোত বিভিন্ন কাৰ্যসূচী ৰখা হৈছে বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে ।