লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত ‘খোলৰ এসন্ধ্যা’ অনুষ্ঠান সম্পন্ন

লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত সোমবাৰে সন্ধিয়া ‘খোলৰ এসন্ধ্যা’ শীৰ্ষক এক মনোগ্ৰাহী অনুষ্ঠান সম্পন্ন হয় । আনুষ্ঠানটো সজাই তোলে সংগীত সত্ৰ অসমৰ পৰীক্ষা নিয়ন্ত্ৰণক গোপাল বৰদলৈ আৰু লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷

author-image
Asomiya Pratidin
New Update
খোলৰ এসন্ধ্যা অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, লখিমপুৰ : লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত সোমবাৰে সন্ধিয়া ‘খোলৰ এসন্ধ্যা’ শীৰ্ষক এক মনোগ্ৰাহী অনুষ্ঠান সম্পন্ন হয় । সত্ৰীয়া সংস্কৃতিৰ সাধক খগেন ভূঞাৰ মৃত্যু বাৰ্ষিকী আৰু প্ৰয়াত সাংবাদিক তথা সত্ৰীয়া কলা সংস্কৃতিৰ গুৰু সুৰজিৎ ভূঞাৰ জন্মদিন উপলক্ষত স্মৃতিচাৰণ অৰ্থত এই অনুষ্ঠান সম্পন্ন হয় । 

Advertisment

অনুষ্ঠানত ৰাজ্যৰ প্ৰখ্যাত খোলবাদক গোপাল বৰদলৈ আৰু তেঁওৰ দুই পুত্ৰই খোলবাদনৰে উপস্থিত সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানত সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰীসকলে গায়ন -বায়ন পৰিৱেশন কৰে ৷ 

খোলৰ এসন্ধ্যা আনুষ্ঠানটো সজাই তোলে সংগীত সত্ৰ অসমৰ পৰীক্ষা নিয়ন্ত্ৰণক গোপাল বৰদলৈ আৰু তেখেতৰ দুই পুত্ৰৰ লগতে লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷

Folk Music music