ওদালগুৰিত ১১ দিনীয়া খোলবাদন আৰু বৰগীত কৰ্মশালাৰ আৰম্ভণি...

ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আজিৰে পৰা ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰাঙ্গণত ১১ দিনীয়া খোলবাদন আৰু বৰগীত কৰ্মশালাৰ আৰম্ভ কৰা হয়।

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত ১১ দিনীয়া খোলবাদন আৰু বৰগীত কৰ্মশালাৰ আৰম্ভণি...

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আজিৰে পৰা ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰাঙ্গণত ১১ দিনীয়া খোলবাদন আৰু বৰগীত কৰ্মশালাৰ আৰম্ভ কৰা হয়। এই অনুসৰি আজি সত্ৰৰ প্ৰাঙ্গণত সত্ৰখনৰ সম্পাদক গুণজিৎ দাসে আঁত ধৰা এক সভাত কৰ্মশালাখনি আনুষ্ঠানিকভাৱে মুকলি কৰে সত্ৰখনৰ সভাপতি ধীৰেণ দাসে।

Advertisment

উক্ত কৰ্মশালাখনত বৰগীত আৰু খোলবাদনৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকি সতীশ দাস আৰু মণ্টু দাসে প্ৰশিক্ষাৰ্থীসকলক খোলবাদন আৰু বৰগীতৰ বিষয়ে কিছু সাম্যক ধাৰণা প্ৰদান কৰে। আন দুগৰাকী প্ৰশিক্ষক ক্ৰমে বাবুল দাস আৰু হেমজিৎ দাসসহ চাৰিওগৰাকী প্ৰশিক্ষকৰ উপস্থিতিত আজিৰে পৰা আৰম্ভ হোৱা কৰ্মশালাত ত্ৰিশগৰাকীতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে মহাপুৰুষদুজনাৰ অমৰসৃষ্টি বৰগীত আৰু খোলবাদনৰ এই কৰ্মশালাক সকলোৱে প্ৰসংশা কৰিছে। উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি এই কৰ্মশালাত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব।

ওদালগুৰি বৰগীত