ক্ষেত্ৰীৰ ভেৰাকুছিত অচিনাক্ত যুৱকৰ উৱলি যোৱা দেহ উদ্ধাৰঃ অঞ্চলজুৰি চাঞ্চল্য

ক্ষেত্ৰীৰ ভেৰাকুছিত আজি এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। ভেৰাকুছিৰ এঘৰ লোকৰ শাকনিবাৰীত পুৱাই পৰিয়ালটোৰ লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ। 

author-image
Tushar Pratim
New Update
ক্ষেত্ৰীৰ ভেৰাকুছিত অচিনাক্ত যুৱকৰ উৱলি যোৱা দেহ উদ্ধাৰঃ অঞ্চলজুৰি চাঞ্চল্য

ডিজিটেল ডেস্কঃ ক্ষেত্ৰীৰ ভেৰাকুছিত আজি এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে ভেৰাকুছিৰ এঘৰ লোকৰ শাকনিবাৰীত আজি পুৱাই পৰিয়ালটোৰ লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ। 

Advertisment

অচিনাক্ত এই যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে তেওঁলোকে স্থানীয় আৰক্ষীক খবৰ দিয়ে। পিছত স্থানীয় ক্ষেত্ৰী আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

লংপেণ্ট-চাৰ্ট পৰিহিত প্ৰায়‌ ৪০ বৰ্ষীয় লোকজনৰ মুখমণ্ডল ইতিমধ্যে উৱলি গৈছে। সেই অনুসৰি আৰক্ষীয়ে অনুমান কৰিছে এই যুৱকজনৰ যোৱা প্ৰায় তিনি-চৰিদিনৰ পূৰ্বেই মৃত্যু হৈছে। 

অৱশ্যে এতিয়ালৈকে এয়া হত্যাকাণ্ড নে আন কোনো দুৰ্ঘটনা সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। যুৱকজনক কোনোবাই হত্যা কৰি সেই স্থানত পেলাই থৈছে বুলিও অৱশ্যে সন্দেহ কৰা হৈছে। 

কিন্ত কোনে, কেনেকৈ এই ঘটনা সংঘটিত কৰিলে, কেনেকৈ সেই স্থানলৈ মৃতদেহটো আহিল সেয়া সকলো এতিয়া অন্ধকাৰত। আৰক্ষীৰ সঠিক অনুসন্ধানৰ পিছতহে সমগ্ৰ বিষয়টো পোহৰলৈ আহিব। 

 

মৃতদেহ উদ্ধাৰ ক্ষেত্ৰী