/asomiyapratidin/media/media_files/2024/12/21/Vy1phXuinUGURWDgdszF.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য গীতৰ সমাহাৰৰ মাজেৰে শনিবাৰে নদুৱাৰ সমষ্টি ভিত্তিত অনুষ্ঠিত খেল মহাৰণৰ কাৰ্যসূচীৰ সমাপ্তি ঘটিল৷ সমষ্টিটোৰ গ্ৰামাঞ্চল সমুহৰ পৰা ৫ হাজাৰোধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা খেল মহাৰণৰ এই কাৰ্যসুচীত সৰ্বশেষত ৫ শতাধিক প্ৰতিযোগী জিলা পৰ্যায়লৈ বাচনি হয়৷
গ্ৰামাঞ্চলৰ প্ৰতিটো পঞ্চায়তৰ পৰা ওলাই আহি খেল সমূহত অংশগ্ৰহণ কৰি বিজয় সাব্যস্ত কৰা প্ৰতিযোগীসকলক বিধায়ক পদ্ম হাজৰিকাই পুৰস্কাৰসমুহ বিতৰণ কৰে। তাৰোপৰি খেল মহাৰণৰ অলিম্পিক শিখা সমষ্টিৰ পৰা জিলা পৰ্যায়লৈ প্ৰেৰণ কৰে৷