/asomiyapratidin/media/media_files/2024/12/10/6Kl0VBcFTqtUDRgpjxiD.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ লৰিংথেপিৰ বৰছিং ৰংহাং সোঁৱৰণী মিনি ষ্টেডিয়ামত দেওবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজন কৰা হাওৰাঘাট বিধানসভা সমষ্টিৰ খেল মহাৰণৰ মংগলবাৰে সফলভাৱে সামৰণি পৰে। উক্ত খেল মহাৰণত এথলেটিক্স, কাবাডী, চাইকেলিং, ফুটবল আৰু ডবা খেল অনুষ্ঠিত কৰা হয়।
উল্লেখ্য যে উক্ত খেল মহাৰণ প্ৰতিযোগিতাত হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলনি, লাংহিন, হাওৰাঘাট, মহামায়া, কৰকান্ঠী, ন"মাটি আৰু চ'ছেং ধান্টা পৰিষদীয় সমষ্টিৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰে। উক্ত খেল মহাৰণৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা ফুলনি পৰিষদিয় সমষ্টিৰ জনপ্ৰতিনিধি কাংবুৰা কিলিং, কাৰ্বি আংলং জিলাৰ এ ডি চি মনচুৰ আহমেদ মজুমদাৰ, ৰাষ্ট্ৰীয় জনজাতীয় বস্ত্ৰ বঁটা ২০২৩ বঁটাপ্ৰাপক ছাবিনা তেৰণপী, অসম মল্লযুঁজ সন্থাৰ যুটীয়া সম্পাদক নাৰায়ণ বসুমতাৰী, কাৰ্বি আংলং জিলাৰ জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাং, কাৰ্বি আংলং জিলাৰ পৰ্যটন বিভাগৰ অধ্যক্ষ ধৰমছিং ক্ৰ'।
লগতে ফুলনি সমষ্টিৰ ভিডিচি' ৰ অধ্যক্ষ ধনিৰাম ৰংহাং, ফুলনি-চেন্টাৰ টাউন কমিটিৰ অধ্যক্ষ মজাছিং ৰংহাঙৰ লগতে বহু গণ্য মান্য ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে।