![0](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/18/BGkk6BmWzH9nY730nuwk.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ দুদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকা ভ্ৰমণলৈ যোৱা ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে শিলচৰত খেল মহাৰণ ২.০ ৰ সমষ্টিভিত্তিক খেলসমূহ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰে ।
বিধায়কত্ৰয় দিপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি সোম আৰু কমলাক্ষ দে পুৰকায়স্থৰ উপস্থিতিত অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ ইতিহাসৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান খেল মহাৰণ ২.০ আৰম্ভ কৰিছে । এই খেল মহাৰণে ৰাজ্যখনৰ বহুতো উদীয়মান খেলুৱৈক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এখন সুন্দৰ মঞ্চ প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
খেল-ধেমালীয়ে মানুহক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি ৰখাৰ লগতে সমাজত সুস্থ বাতাবৰণৰ ধাৰাবাহিকতা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই।
তেওঁ লগতে উল্লেখ কৰে যে ভাল খেলুৱৈসকলে সদায়ে নিজক বেয়া চিন্তা আৰু মাদক দ্ৰব্যৰ দৰে বস্তুৰপৰা দূৰৈত ৰাখে । আনহাতে বৰ্তমান সময়ত ক্ৰীড়াই মানুহক আৰ্থিকভাৱেও সুপ্ৰতিস্থিত হোৱাত সহায় কৰে বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে ।
অসমৰ পৰা দেশক প্ৰতিনিধিত্ব কৰি আন্ত:ৰাষ্ট্ৰীয় মঞ্চত সফলতা বুটলিবলৈ সক্ষম হোৱা হিমা দাস অথবা লাভলিনা বৰগোঁহাইৰ দৰে খেলুৱৈ ভৱিষ্যতে শিলচৰৰ পৰাও ওলাব বুলি আশা ব্যক্ত কৰি মন্ত্ৰী হাজৰিকাই খেল মহাৰণত অংশ লোৱা সমষ্টিটোৰ সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে ।